Local, Vocal, Global

Republic Day 2024 : আজি গণৰাজ্য দিৱস; সমগ্ৰ দেশতে আজি উদযাপন কৰা হ’ব ৭৫ সংখ্যক গণৰাজ্য দিৱস

নিউজ ডেস্ক, ২৬জানুৱাৰী : আজি ২৬ জানুৱাৰী, গণৰাজ্য দিৱস । সমগ্ৰ দেশতে আজি উদযাপন কৰা হ’ব ৭৫ সংখ্যক গণৰাজ্য দিৱস । ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰাজপথত আজি মূল অনুষ্ঠান আয়োজন কৰা হৈছে ।এইবাৰ গণতন্ত্ৰ দিৱসৰ মূল অতিথি হিচাপে উপস্থিত থাকিব ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন(Republic Day 2024) ।

সমগ্ৰ দেশৰ লগতে আজি অসমতো ৰাজ্যজুৰি উদযাপন কৰা হয় ৭৫ সংখ্যক গণৰাজ্য দিৱস।মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্য়ালয় খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে গণৰাজ্য দিৱস পালন কৰা হ’ব।

২৬ জানুৱাৰী কেৱল এটা দিনেই নহয়। এয়া ভাৰতৰ ইতিহাস স্মৰণ কৰাৰ সময়। ১৯৫০ চনৰ ২৬ জানুৱাৰী দিনটোতেই ভাৰতৰ সংবিধান গৃহীত আৰু কার্যকৰী হৈছিল। সেয়েহে প্ৰতি বছৰ দৰে এইবাৰো ২৬ জানুৱাৰী দিনটোক ভাৰতৰ গণতন্ত্ৰ দিৱস হিচাপে বর্ণাঢ্য কার্যসূচীৰে পালন কৰা হব(Republic Day Celebration 2024 )।

উল্লেখ্য যে, ১৯৫০ চনৰ আজিৰ (২৬ জানুৱাৰী) দিনটোতেই ভাৰতৰ সংবিধান গৃহীত আৰু কার্যকৰী হৈছিল। সেয়েহে প্ৰতি বছৰে ২৬ জানুৱাৰী দিনটোক ভাৰতৰ গণতন্ত্ৰ দিৱস হিচাপে উলহ মালহেৰে পালন কৰা হয়।ভাৰত স্বাধীন হোৱাৰ আগতেই ১৯৪৬ চনৰ ৯ ডিচেম্বৰত ভাৰতৰ গণ-গঠিত হয়। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাচত ভাৰতৰ গণ পৰিষদে এখন সংবিধান ৰচনাৰ কাম হাতত লয়।

সংবিধান সভাই ড০ ভীমৰাও আম্বেদকাৰৰ সভাপতিত্বত পণ্ডিত জৱাহৰলাল নেহৰু, চর্দাৰ বল্লভ ভাই পেটেল, কে. এম. মুন্সী, ড০ হৰেন্দ্ৰ কুমাৰ চট্টোপাধ্যায়, চৈয়দ মহম্মদ চাদুল্লা আদি ব্যক্তিক সদস্য হিচাপে লৈ সংবিধানৰ খচৰা প্ৰস্তুতিৰ বাবে এখন শক্তিশালী কমিটি গঠন কৰি দিয়ে। ড০ আম্বেদকাৰৰ নেতৃত্বত খচৰা প্ৰস্তুতি কমিটিয়ে ১৯৪৯ চনৰ ১৬ নৱেম্বৰত ভাৰতৰ সংবিধানৰ খচৰা দাখিল কৰে আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ই কার্যকৰী হয়।

ৰাষ্ট্ৰসংঘৰ মতে, আন্তৰ্জাতিক গণতন্ত্ৰ দিৱসে বিশ্বৰ গণতন্ত্ৰৰ অৱস্থা পৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰে। গণতন্ত্ৰ হৈছে এক লক্ষ্যৰ দৰেই এক প্ৰক্ৰিয়া, আৰু কেৱল আন্তৰ্জাতিক সম্প্ৰদায়ৰ সম্পূৰ্ণ অংশগ্ৰহণৰ দ্বাৰা, গণতন্ত্ৰৰ আদৰ্শক সকলোৱে, সকলো ঠাইতে উপভোগ কৰিব পৰা বাস্তৱত পৰিণত কৰিব পাৰি।

ভাৰতৰ সংবিধানখন পৃথিৱীৰ ভিতৰতে বৃহত্‍ সংবিধান। সংবিধানখন ৰচনা কৰাৰ সময়ত ইয়াত মুঠ ৩৯৫ টা অনুবন্ধ, ৯ টা অনুসূচী আৰু ২২ টা অধ্যায় আছিল। পৰৱর্তী কালত বিভিন্ন সংশোধনীৰ মাধ্যমেৰে ইয়াৰ ভালেখিনি সাল-সলনি ঘটোৱা হৈছে।

স্বাধীনতাৰ মূল্যবোধ, মানৱ অধিকাৰৰ প্ৰতি সন্মান আৰু সাৰ্বজনীন ভোটাধিকাৰৰ দ্বাৰা সময়ে সময়ে আৰু প্ৰকৃত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নীতি গণতন্ত্ৰৰ অপৰিহাৰ্য উপাদান। ইয়াৰ পৰিৱৰ্তে, গণতন্ত্ৰই মানৱ অধিকাৰৰ সুৰক্ষা আৰু কাৰ্যকৰী উপলব্ধিৰ বাবে প্ৰাকৃতিক পৰিৱেশ প্ৰদান কৰে। এই মূল্যবোধবোৰ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰত সন্নিবিষ্ট আৰু নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ ওপৰত আন্তৰ্জাতিক চুক্তিত অধিক বিকশিত হৈছে, যিয়ে অৰ্থপূৰ্ণ গণতন্ত্ৰৰ ওপৰত আধাৰিত কৰি বহুতো ৰাজনৈতিক অধিকাৰ আৰু নাগৰিক স্বাধীনতা কঢ়িয়াই আনে।

লগতে পঢ়ক :French President Emmanuel Macron arrives in Jaipur : ভাৰতত উপস্থিত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ মুখ্য অতিথি