Class X Student Goes Missing : ছাত্ৰী নিৰুদ্দেশক লৈ টিয়কত চাঞ্চল্য!

টিয়ক, ২৫ জানুৱাৰী : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা ।ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(Class X Student Goes Missing) ।
এইবাৰ টিয়কত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । টিয়কত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী নিৰুদ্দেশ হৈছে ।
উল্লেখ্য় যে, হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী । এনে সময়তে টিয়কত নিৰুদ্দেশ হৈছে পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা এগৰাকী ছাত্ৰী ।
জানিব পৰা মতে, যোৰহাট জিলাৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত লাহদৈগড় চাৰিআলিৰ বাহাৰুল হুছেইনৰ কন্যা মুচফিকা বেগম যোৱা ২৩ জানুৱাৰীৰ দিনৰ ১২ বজাত ঘৰৰ পৰা দোকানলৈ কলম এটা কিনিবলৈ গৈ ঘূৰি নহাত উদ্বিগ্ন হৈ পৰিছে পৰিয়ালটো।পৰিয়ালৰ লোকে আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো সম্ভেদ পোৱা নাই ছাত্ৰ গৰাকীৰ । কাকজান আৰোহণ একাডেমীৰ দশম শ্ৰেণীৰ ছাত্ৰী গৰাকী কোনো খবৰ নোপোৱাত পিতৃ মাতৃ তথা পৰিয়ালটোক বিভিন্ন দুঃচিন্তাই আগুৰি ধৰিছে। আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : Who will Hoist the Republic Day Flag Tomorrow in Assam : কাইলৈ কোনে ক’ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা