Local, Vocal, Global

Middle East conflict impacting maritime commercial traffic safety in Indian Ocean : মধ্যপ্ৰাচ্যৰ সংঘাতে ভাৰত মহাসাগৰত সামুদ্ৰিক বাণিজ্যিক যাতায়তৰ সুৰক্ষাত প্ৰভাৱিত কৰিছে

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৪ জানুৱাৰী : ইজৰাইল আৰু হামাছৰ যুদ্ধৰ প্ৰভাৱ ভাৰতত । অব্য়াহত আছে ইজৰাইল হামাজৰ যুদ্ধৰ বিভীষিকা । বিগত বৰ্ষৰ ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধ সাম কটাৰ নামে লোৱা নাই(Middle East conflict impacting maritime commercial traffic safety in Indian Ocean) ।

মঙলবাৰে এগৰাকী শীৰ্ষ ভাৰতীয় কূটনীতিবিদে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যসকলক জনাই যে,ইজৰাইল আৰু হামাছৰ মাজত চলি থকা সংঘৰ্ষই ভাৰত মহাসাগৰত সামুদ্ৰিক বাণিজ্যিক যান-বাহনৰ সুৰক্ষাত প্ৰভাৱ পেলাইছে । ইয়াৰ ভিতৰত আছে ভাৰতৰ ওচৰত কিছু আক্ৰমণ(Israel-Hamas conflict impacting maritime commercial traffic safety in Indian Ocean, India tells UNSC) ।

উল্লেখ্য যে, ইজৰাইল-হামাছ সংঘৰ্ষই ভাৰত মহাসাগৰত সামুদ্ৰিক বাণিজ্যিক যান-বাহনৰ সুৰক্ষাৰ ওপৰত প্ৰভাৱ পেলাইছে । ইয়াৰ ভিতৰত আছে ভাৰতৰ ওচৰ-পাজৰত কিছু আক্ৰমণ । ৰাষ্ট্ৰসংঘত ভাৰতৰ উপ-স্থায়ী প্ৰতিনিধি আৰ ৰবীন্দ্ৰই মধ্যপ্ৰাচ্যৰ ওপৰত ইউএনএছচিৰ মুকলি বিতৰ্কৰ সময়ত তেওঁৰ মন্তব্যত এনেদৰে কয় ।

এইটো হৈছে আন্তৰ্জাতিক সম্প্ৰদায়ৰ বাবে যথেষ্ট চিন্তাৰ বিষয় আৰু ই ভাৰতৰ নিজৰ শক্তি আৰু অৰ্থনৈতিক স্বাৰ্থৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে । এনে পৰিস্থিতি কোনো পক্ষৰ বাবে যে লাভজনক নহয় সেয়া সকলোৱে স্পষ্টভাৱে স্বীকাৰ কৰিব লাগিব । ৰবীন্দ্ৰই লগতে কয় ।

ৰবীন্দ্ৰই কয় যে এই সংঘৰ্ষৰ আৰম্ভণিৰে পৰা ভাৰতে যি বাৰ্তা আগবঢ়াই আহিছে সেয়া অতি স্পষ্ট আৰু সুস্থিৰ । যুদ্ধৰ বৃদ্ধি প্ৰতিহত কৰা, মানৱীয় সাহায্য নিৰন্তৰ প্ৰদান নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ । মানৱীয় পৰিস্থিতিৰ আন্তৰিকতাৰে সমাধান কৰা প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতে এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘ আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰচেষ্টাক আদৰণি জনাইছে(Conflict in Middle East threatens maritime safety in Indian Ocean, says Indian diplomat) ।

আনহাতে, ইজৰাইলৰ নিৰাপত্তাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি পেলেষ্টাইনী জনসাধাৰণে সুৰক্ষিত সীমাৰ ভিতৰত এখন স্বাধীন দেশত মুক্তভাৱে বাস কৰিবলৈ সক্ষম হোৱা দ্বি-ৰাষ্ট্ৰীয় সমাধানৰ বাবে ভাৰতৰ দীৰ্ঘদিনীয়া সমৰ্থনৰ কথা দোহাৰি ৰবীন্দ্ৰই কয় যে ভাৰতে দৃঢ়ভাৱে বিশ্বাস কৰে যে দুই ৰাষ্ট্ৰৰ চূড়ান্ত স্থিতিৰ বিষয়ত কেৱল দুয়োপক্ষৰ মাজত প্ৰত্যক্ষ আৰু অৰ্থপূৰ্ণ আলোচনাৰ জৰিয়তেহে সমাধান লাভ কৰিব পৰা যায় । ইয়াৰ দ্বাৰা ইজৰাইল আৰু পেলেষ্টাইনৰ লোকসকলে বিচৰা আৰু প্ৰাপ্য এক স্থায়ী শান্তি প্ৰদান কৰিব ।

লগতে পঢ়ক :CM Makes Big Announcement Regarding Recruitment Process : ৰাজ্যৰ লাখ লাখ নিৱনুৱাৰ বাবে সুখবৰ