ED summons Jharkhand CM : পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীলৈ EDৰ চমন
নেশ্যনেল ডেস্ক, ২৩ জানুৱাৰী : পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীলৈ EDৰ চমন(ED summons Jharkhand CM) । ভূমি কেলেংকাৰিৰ গোচৰত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনলৈ চমন জাৰি ৷ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীজনলৈ EDৰ এয়া ৯ নম্বৰখন চমন(Hemant Soren gets fresh ED summons days after questioning) ৷
উল্লেখ্য যে, ধন কেলেংকাৰীৰ গোচৰত ED য়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীলৈ চমন জাৰি কৰিছে। ইয়াৰ পূৰ্বে শনিবাৰে হেমন্ত ছোৰেনৰ বাসগৃহত সোধা-পোছা কৰা হৈছিল। কিন্তু চমনত প্ৰশ্নৰ বাবে উপস্থিত হোৱা নাছিল(ED issues fresh summons to Jharkhand CM Hemant Soren in money laundering case)।
EDয়ে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক এইবাৰ ২৭ ৰ পৰা ৩১ জানুৱাৰীৰ ভিতৰত আঞ্চলিক কাৰ্যালয়লৈ আহিবলৈ কোৱা হৈছে।কিন্তু হেমন্ত সোৰেনে এই চমনৰ ক্ষেত্ৰত দাবী কৰিছে যে তেওঁ ডাঙৰ ষড়যন্ত্ৰৰ বলি হৈছে(ED Issues Fresh Summons To Jharkhand CM Hemant Soren, Asks To Appear Between January 27-31)।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী গৰাকীক শনিবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) য়ে ৭ ঘণ্টাতকৈও অধিক সময় ধৰি সোধা-পোছা কৰিছিল। সোৰেনক ৭ বাৰকৈ চমন জাৰি কৰাৰ পাছত এই সোধা পোছাত অংশ লৈছিল। এতিয়া পুনৰ ইডিয়ে জাৰি কৰিছে চমন।
লগতে পঢ়ক : Bharat Jodo Nyay Yatra : আজি গুৱাহাটীত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা!