Netaji Subhas Chandra Bose’s Birth Anniversary :আজি নেতাজী সুভাস চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্মজয়ন্তী
নিউজ ডেস্ক, ২৩ জানুৱাৰী : আজি নেতাজী সুভাস চন্দ্ৰ বসুৰ জন্মজয়ন্তী ।স্বাধীনতা সংগ্ৰামী, আজাদ হিন্দ ফৌজৰ মুৰব্বী, ভাৰতৰত্ন নেতাজী সুভাস চন্দ্ৰ বসুৰ জন্মদিনটো পৰাক্ৰম দিৱস হিচাপে প্ৰতিবছৰে পালন কৰিব । ২৩জানুৱাৰীত নেতাজী দিৱস হিচাপে প্ৰতিবছৰে পালন কৰি অহা দিৱসটোক পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰিব বুলি কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে ঘোষণা কৰিছে ( Netaji Subhas Chandra Bose’s Birth Anniversary)।
আজি নেতাজী সুভাস চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্মজয়ন্তী ।দেশৰ বিভিন্ন প্ৰান্তত স্মৰণ কৰা হৈছে সুভাষ চন্দ্ৰ বসুক। দেশ প্ৰেম আৰু আত্মপ্ৰতিষ্ঠাৰ প্ৰতীক নেতাজী সুভাষ চন্দ্ৰ বসু। সমগ্ৰ দেশে নেতাজীৰ জন্ম দিৱস পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰিছে।
স্বাধীনতা সংগ্ৰামৰ এজন স্মৰণীয় কিংবদন্তি নেতা নেতাজী সুভাষ চন্দ্ৰ বসুয়ে দেশৰ বাবে যি কাম কৰিছিল, ইংৰাজ শাসনৰ বিৰুদ্ধে দেশবাসীক পথ দেখুৱাই আগবঢ়াই নিয়া সহজ নাছিল। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ এজন উজ্জ্বল আৰু মহৎ ব্যক্তি যিয়ে তেওঁৰ গোটেই জীৱন সংগ্ৰামৰ বাবে উৎসৰ্গিত কৰিছিল।
ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদানক সন্মান জনোৱাৰ অৰ্থে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো প্ৰতি বছৰে ২৩ জানুৱাৰীত দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়।
লগতে পঢ়ক : Bharat Jodo Nyay Yatra : আজি গুৱাহাটীত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা!