Bharat Jodo Nyay Yatra : আজি গুৱাহাটীত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা!
নিউজ ডেস্ক, ২৩ জানুৱাৰী : আজি গুৱহাটীত ভাৰত জোড়ো ন্যায় যাত্ৰা। ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ই আজি গুৱাহাটীত প্ৰৱেশ কৰিব। ইফালে গুৱাহাটী মহানগৰীত মাজমজিয়াত ৰাহুলৰ ন্যায় যাত্ৰাৰ কাৰ্যসূচী ৰূপায়নত প্ৰশাসনৰ তৰফৰ অনুমতি প্ৰদান কৰা হোৱা নাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ ৰাইজৰ হাৰাশাস্তি হোৱাৰ বাবে ৰাহুলৰ ন্যায় যাত্ৰা মহানগৰীৰ মাজেৰে যাব দিয়া নহ’ব বুলি স্পষ্টকৈ ঘোষণা কৰিছিল(Rahul Gandhi Bharat Jodo Nyay Yatra)।
কিন্তু এই নিষেধাজ্ঞা মনা নহ’ব বুলি পূৰ্বে ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াই উল্লেখ কৰে। আজি ৰাহুলৰ ন্যায় যাত্ৰাই মহানগৰীৰ মাজেৰে যাব নে নাই সেয়া লক্ষ্যণীয় হ’ব(Bharat Jodo Nyay Yatra)।
ইতিমধ্যে, খানাপাৰাৰ পৰা গুৱাহাটীৰ ভিতৰলৈ যোৱা পথত আৰক্ষীয়ে বেৰিকেড দিছে। এতিয়া খানাপাৰা ফ্লাই অভাৰেৰে ৰাহুলৰ ন্যায় যাত্ৰা যাব লাগিব পাৰে!
উল্লেখ্য যে, অসমত শিৱসাগৰৰ পৰা যাত্ৰা আৰম্ভ কৰি মাজুলী হৈ মৰিগাঁৱৰ পৰা আহি সোমবাৰে নিশাটো ৰাহুল গান্ধীয়ে মেঘালয়ৰ নংপোত অতিবাহিত কৰে। ৰাহুলৰ সৈতে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশ, জিতেন্দ্ৰ সিং, সাংসদ গৌৰৱ গগৈ (Gaurav Gogoi), যোগেন্দ্ৰ যাদৱকে ধৰি বহু নেতা-সমৰ্থক আছে। যাত্ৰাৰ আৰম্ভণিতে ৰাহুলে যোৰবাটৰ হোটেল কুইনত ছাত্ৰ সংগঠন, NECCৰে বৈঠকত মিলিত হ’ব।অসমত ৰাহুলৰ ন্যায় যাত্ৰাত বাধা!
লগতে পঢ়ক : Bharat Jodo Nyay Yatra : অসমত আজি ভাৰত জোড়া ন্যায় যাত্রাৰ চতুৰ্থ দিন