Ram Mandir’s Inauguration today : আজি বহু প্ৰতীক্ষিত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা; প্ৰাণ প্ৰতিষ্ঠাক লৈ উখল-মাখল অযোধ্যা

নিউজ ডেস্ক, ২২ জানুৱাৰী : অপেক্ষা মাথোঁ কিছু ক্ষণৰ। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে সাজু অযোধ্যা।।আজি বহু প্ৰতীক্ষিত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা ।প্ৰাণ প্ৰতিষ্ঠাক লৈ উখল-মাখল অযোধ্যা( Ram Mandir’s Inauguration today)।
আজিৰ দিনটো এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে। সমগ্ৰ দেশত এতিয়া কেৱল ‘জয় শ্ৰীৰাম’ ধ্বনি শুনা গৈছে। আজি দুপৰীয়া প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালাৰ। সন্ধিয়া ৰামজ্যোতি জ্বলোৱা হ’ব।
ৰাম ভক্তৰে ভৰি পৰিছে ৰাম জন্মভূমি। ইতিমধ্যে সমাৰোহৰ বাবে উপস্থিত হৈছে বহু অভিনেতা- অভিনেত্ৰী ।উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বহু ভিভিআইপিও।দেশ-বিদেশৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব সমাৰোহত(India’s Ayodhya Ram Mandir temple to be inaugurated by Modi)।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালাৰ। অযোধ্যাৰ ৰাম মন্দিৰৰ শুভ উদ্বোধনক লৈ দেশজুৰি চলিছে মহা আয়োজন । উৎসৱমুখৰ পৰিৱেশ চৌদিশে। ঠায়ে ঠায়ে এই ঐতিহাসিক দিনটো পালনৰ বাবে চলোৱা হৈছে আয়োজন(PM Modi Arrives In Ayodhya To Attend Ram Temple Inauguration)।
সমগ্ৰ দেশতে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত অৰ্ধছুটি ঘোষণা কৰা হৈছে চৰকাৰী প্ৰতিষ্ঠানসমূহত। প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠান উপভোগৰ বাবে এই ব্যৱস্থা কৰা হৈছে।
উল্লেখ্য যে, ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ বিধি ২২ জানুৱাৰী দিনৰ ভাগত আৰম্ভ হ’ব। শুভ সময় ১২ বাজি ২৯ মিনিট ৮ ছেকেণ্ডৰ পৰা ১২ বাজি ৩০ মিনিট ২০ ছেকেণ্ডলৈ আছে। প্ৰাণ প্ৰতিষ্ঠাৰ শুভ মুহুৰ্ত কেৱল ৮৪ ছেকেণ্ডৰ।১২১ জন আচাৰ্য থাকিব যিয়ে অনুষ্ঠানটোৰ সকলো ৰীতি-নীতিৰ প্ৰক্ৰিয়াৰ সমন্বয়, সমৰ্থন আৰু নিৰ্দেশনা দিব।
লগতে পঢ়ক :Section 144 imposed in Noid : ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা, জাৰি ১৪৪ ধাৰা