Section 144 imposed in Noid : ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা, জাৰি ১৪৪ ধাৰা

নিউজ ডেস্ক, ২১ জানুৱাৰী : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠালৈ মাজত মাত্ৰ কেইটামান ঘন্টা। প্ৰাণ প্ৰতিষ্ঠাৰ বাবে সজাই-পৰাই তোলা হৈছে অযোধ্যাৰ ৰাম মন্দিৰ । অযোধ্যাত ভিৰ কৰিছে দেশ-বিদেশৰ ভক্তই । অযোধ্যাৰ ৰাম মন্দিৰ ফুল আৰু বিশেষ পোহৰেৰে সজ্জিত কৰা হৈছে। মন্দিৰটো সজাবলৈ বিশেষ ফুলৰ ডিজাইন প্ৰস্তুত কৰা হৈছে। সমগ্ৰ দেশতে এতিয়া ‘জয় শ্ৰীৰাম’ ধ্বনি(Section 144 imposed in Noida, Greater Noida)।
দেশৰ বহু VIP, VVIP, ৰাজনৈতিক নেতা, অভিনেতা-অভিনেত্ৰী, ক্ৰীড়াবিদৰ পৰা সকলো লক্ষ্য হৈ পৰিছে অযোধ্যা। ইতিমধ্যে অযোধ্যাত ভৰি পৰিছে দেশৰ ভিন্ন প্ৰান্তৰ হাজাৰ-হাজাৰ সাংবাদিক, সংবাদকৰ্মী। দেশৰ প্ৰতিগৰাকী নাগৰিকৰ এতিয়া লক্ষ্যস্থল হৈ পৰিছে সৰযু নদীৰ পৰা। সকলোৰে অপেক্ষা মাত্ৰ ২২ জানুৱাৰীলৈ। সোমবাৰে দুপৰীয়া ১২:১৫ৰ পৰা ১২:৪৫ বজাৰ ভিতৰত শ্ৰীৰামৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি পাঁচজন লোক গৰ্ভগৃহত উপস্থিত থাকিব । যাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । ইতিমধ্যে প্ৰশাসনে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি লক্ষ্ণৌত ১৪৪ ধাৰা জাৰি কৰিছে ।
জানিব পৰা মতে, ইয়াৰ অধীনত, নিৰ্ধাৰিত প্ৰতিবাদস্থলীৰ বাহিৰে আন কোনো স্থানত অনুমতি অবিহনে লক্ষ্ণৌত যিকোনো ধৰণৰ প্ৰদৰ্শন বা প্ৰতিবাদ হ’লে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব । অযোধ্যাৰ পথটো ২২ জানুৱাৰীত সাধাৰণ লোকৰ বাবে বন্ধ কৰা হ’ব । অযোধ্যাৰ পথত ৪ হাজাৰতকৈও অধিক আৰক্ষী মোতায়েন কৰা হ’ব । ইয়াৰ উপৰিও লক্ষ্ণৌৰ ২৫ টা স্পৰ্শকাতৰ এলেকাত আৰক্ষী-অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হ’ব ।
লক্ষ্ণৌৰ যুটীয়া আৰক্ষী আয়ুক্ত (আইন-শৃংখলা) উপেন্দ্ৰ কুমাৰ আগৰৱালে নিৰ্দেশ দিছে যে ২২ জানুৱাৰীত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী, ২৫ জানুৱাৰীত হজৰত আলীৰ জন্ম জয়ন্তী, ২৬ জানুৱাৰীত গণৰাজ্য দিৱস, ১৪ ফেব্ৰুৱাৰীত বসন্ত পঞ্চমী, ২৪ ফেব্ৰুৱাৰীত সন্ত ৰবিদাস জয়ন্তী আছে । একেদৰে শবে বাৰাট ২৬ ফেব্ৰুৱাৰীত আৰু মহাশিৱৰাত্ৰি ৮ মাৰ্চত অনুষ্ঠিত হ’ব ।
লগতে, বিভিন্ন প্ৰৱেশ পৰীক্ষাও অনুষ্ঠিত হ’ব । আগন্তুক লোকসভা নিৰ্বাচন ২০২৪ৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মী আৰু বিভিন্ন ভাৰতীয় কৃষক সংগঠন আৰু বিভিন্ন প্ৰতিবাদকাৰীৰ প্ৰদৰ্শনৰ ফলত শান্তি ব্যৱস্থা বিঘ্নিত হ’ব পাৰে । এনে পৰিস্থিতিত, লক্ষ্ণৌৰ যুটীয়া আৰক্ষী আয়ুক্ত উপেন্দ্ৰ কুমাৰে লক্ষ্ণৌত ধাৰা ১৪৪ জাৰি কৰিছে(Section 144 to be imposed in Noida, Greater Noida, Lucknow in view of Ram temple ceremony) ।
নিৰ্দেশনা অনুসৰি আৰক্ষীৰ অনুমতি অবিহনে, ৫ বা ততোধিক ব্যক্তিয়ে কোনো ধৰণৰ শোভাযাত্ৰা উলিয়াব নোৱাৰিব বা ৰাজহুৱা স্থানত ৫ বা ততোধিক ব্যক্তি একত্ৰিত হ’ব নোৱাৰিব । কোনো ধৰ্মীয় স্থানত লাউডস্পীকাৰ বজাব নোৱাৰিব । অনিবাৰ্য পৰিস্থিতিত আৰক্ষী আয়ুক্ত, যুটীয়া আৰক্ষী আয়ুক্ত বা আৰক্ষী মণ্ডলৰ উপায়ুক্তৰ পৰা অনুমতি ল’ব লাগিব ।
মন্দিৰ, মছজিদ, গুৰুদ্বাৰা, গীৰ্জা আদি ধৰ্মীয় স্থানত লাউডস্পীকাৰ চৌহদৰ ভিতৰতে সীমাবদ্ধ থাকিব লাগিব । ৰাজহুৱা স্থান, ৰাস্তাত নামাজ, উপাসনা, শোভাযাত্ৰা বা অন্যান্য প্ৰকাৰৰ ধৰ্মীয় অনুষ্ঠান সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব । কোনো ব্যক্তিয়ে ইটা, শিল, চ’ডা পানীৰ বটল, জ্বলনশীল পদাৰ্থ বা কোনো বিস্ফোৰক সামগ্ৰী কোনো মুকলি স্থানত বা ঘৰৰ চালত সংৰক্ষণ বা ৰাখিব নোৱাৰিব । লক্ষ্ণৌৰ ভিতৰত কোনো ব্যৱসায়ীয়ে চীনা মাঞ্জা বিক্ৰী বা কোনো ব্যক্তিয়ে ইয়াক ক্ৰয় কৰিব নোৱাৰিব ।
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে পুৰণি লক্ষ্ণৌৰ ২৫ টা স্পৰ্শকাতৰ এলেকা চিনাক্ত কৰিছে আৰু ৩০০ গৰাকী আৰক্ষীৰ উপৰিও ২ টা কোম্পানী মোতায়েন কৰিছে । ইয়াৰ উপৰিও লক্ষ্ণৌ-অযোধ্যা পথ, বাছ আস্থান, ৰে’ল ষ্টেচন আৰু শ্বপিং মলত অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে । যান-বাহনৰ ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে নিশা ৮ বজাৰ পৰা অযোধ্যালৈ যোৱা গধুৰ বাহনসমূহৰ বাবে পথৰ পৰিৱৰ্তন কৰা হৈছে ।
একে সময়তে, আজিৰে পৰা লক্ষ্ণৌ হৈ অযোধ্যা, গোৰখপুৰ, আজমগড়লৈ যোৱা সকলো ধৰণৰ বাহনৰ বাবে পথ পৰিৱৰ্তন কৰা হৈছে । স্পৰ্শকাতৰ অঞ্চলবোৰত ড্ৰোণৰ জৰিয়তে নিৰীক্ষণ কৰা হ’ব ।আমৌচি বিমানবন্দৰৰ পৰা শ্বহীদপথ, কমতা, অযোধ্যা মাৰ্গ, চুলতানপুৰ ৰোডৰ পৰা পূৰ্বাঞ্চল এক্সপ্ৰেছৱে আৰু কিষাণ পথলৈ দেওবাৰে আৰু ২২ জানুৱাৰীৰ বাবে গ্ৰীণ কৰিডৰ নিৰ্মাণ কৰা হৈছে ।
এই পথসমূহত ই-ৰিক্সা নিষিদ্ধ কৰা হৈছে, অটো, টেম্পো, বাছকে ধৰি কোনো যাত্ৰীবাহী বাহনক চাৰিআলিত ৰ’বলৈ দিয়া নহ’ব । এই তিনিওটা পথত ক্ৰেইনৰ ব্যৱস্থা কৰা হৈছে, যাতে যিকোনো বাহনৰ যান্ত্ৰিক বিজুতিৰ ক্ষেত্ৰত ইয়াক তৎক্ষণাৎ আঁতৰ কৰিব পৰা যায় । ইফালে অযোধ্যাৰ পথত থকা বিপণীবোৰৰ বাহিৰত কোনো বাহন পাৰ্কিং কৰিব নোৱাৰিব । আৰক্ষীয়ে ৭০ খন বাইকেৰে এই পথবোৰত নিৰন্তৰ তহল দিব ।