Local, Vocal, Global

Three Dies in Road Accident Near Hawai : পথৰ পৰা দ খাৱৈত বাগৰিল বাহন;দুৰ্ঘটনাত থিতাতে নিহত ৩জনকৈ লোক

নেশ্যনেল ডেস্ক,২১ জানুৱাৰী : অৰুণাচলৰ আঞ্জাওত ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ পৰা দ খাৱৈত বাগৰিল বাহন(Three Dies in Road Accident Near Hawai)। দুৰ্ঘটনাত থিতাতে নিহত ৩জনকৈ লোক। মৃত আটাইকেইজনেই তিনিচুকীয়াৰ মাকুমৰ ৰাজাপতি গেৰেজৰ কৰ্মচাৰী। তিনিচুকীয়াৰ পৰা অৰুণাচললৈ গৈ আছিল বাহনখন। দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য(Three Dies in Road Accident Near Hawai in Anjaw) ।

জানিব পৰা মতে তিনিচুকীয়াৰ ৰাজাপতি নামৰ এটা গেৰেজৰ পৰা এখন গাড়ী মেৰামতি কৰিবলৈ অৰুণাচল প্ৰদেশৰ আনজাওৰ হাৱাইলৈ গৈছিল এগৰাকী মেকানিক, এগৰাকী সহায়ক আৰু এগৰাকী গাড়ী চালক । গাড়ী মেৰামতি কৰি সুকলমে বৃহস্পতিবাৰে তিনিচুকীয়ালৈ ঘূৰি আহোঁতেই পাহাৰীয়া পথৰ পৰা কেইবা শ মিটাৰ দ’খাৱৈত বাগৰি পৰে বাহনখন(3 Die as Vehicle Skids off Road, Falls into Deep Gorge) ৷

এই ভয়ংকৰ ঘটনা সন্দৰ্ভত খবৰ পোৱা পিছতে স্থানীয় জিলা প্ৰশাসন আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আ উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

শুকুৰবাৰৰ পৰা উদ্ধাৰ অভিযান চলাই যদিও শনিবাৰে মৃতদেহকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

তিনিচুকীয়াৰ পৰা লৈ যোৱা বাহনখনৰ নম্বৰ AS-23-AD-7360 আৰু নিহত কৰ্মচাৰীকেইগৰাকী তিনিচুকীয়া মাকুম পথৰ ৰাজাপতি গেৰেজৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে । নিহত গাড়ী চালকজনৰ নাম তিনিচুকীয়া নিউ ডেভলপমেণ্টৰ শ্বাহ উপাধিৰ বুলি জানিব পৰা গৈছে যদিও আনসকলৰ পৰিচয় লাভ কৰা নাই ৷

ইতিমধ্যে মৃতদেহকেইটা উদ্ধাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে ।ঘটনা সন্দৰ্ভত ইতিমধ্য়ে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক :Ayodhya Ram Mandir Inauguration : মুকলিৰ বাবে সাজু অযোধ্যাৰ ৰাম মন্দিৰ