Union Home Minister Amit Shah Concludes Two-Day Visit To Assam : দুদিনীয়া ভ্রমণসূচীৰে অসমত গৃহমন্ত্রী অমিত শ্বাহ; বিয়লি গুৱাহাটীত কেইবাটাও কাৰ্য্যসূচীত ভাগ ল’ব শ্বাহে

নিউজ ডেস্ক, ২০ জানুৱাৰী : দুদিনীয়া ভ্রমণসূচীৰে অসমত গৃহমন্ত্রী অমিত শ্বাহ । শুকুৰবাৰে দুদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হয় গৃহমন্ত্রী অমিত শ্বাহ । অমিত শ্বাহ এই ভ্ৰমণসূচীৰ আজি দ্বিতীয়টো দিন। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শনিবাৰে পুৱাৰভাগত তেজপুৰৰ গৰৈমাৰীৰ এছ এছ বিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত ভাগ লয়।এই কাৰ্য্যসূচীৰ পাছতে ঢেকীয়াজুলিৰ বাথৌ মহাসভাৰ কাৰ্য্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে অংশ ল’ব(Union Home Minister Amit Shah to conclude two-day visit to Assam amid packed schedule)।
শোণিতপুৰ জিলাৰ কাৰ্য্যসূচী সামৰি বিয়লি গুৱাহাটী অভিমুখে যাত্ৰা কৰিব গৃহমন্ত্রী অমিত শ্বাহে।
গুৱাহাটীত গৃহমন্ত্রী গৰাকীৰ আছে কেইবাটাও কাৰ্য্যসূচীৰ । কাৰ্য্যসূচীৰ ভিতৰত গৃহমন্ত্রী অমিত শ্বাহে অসম আৰক্ষীৰ দীক্ষান্ত সমাৰোহত ভাগ ল’ব। সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা দীক্ষান্ত সমাৰোহৰ পেৰেডত ২হাজাৰ ৫শ ৫১গৰাকী আৰক্ষীয়ে কৰ্তব্য আৰু দায়িত্বৰ শপত গ্ৰহণ কৰিব। ইয়াৰ পিছতে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত বীৰ লাচিত বৰফুকনৰ জীৱনী গ্ৰন্থ উন্মোচন কৰিব । আনহাতে সন্ধিয়া ৬-০০ বজাত পাণবজাৰত ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যবৰ্ধন উদ্য়ান মুকলি কৰিব(Amit Shah attends cultural event during his Assam visit)।
ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমণৰ বাবে গুৱাহাটী মহানগৰীৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। যান-বাহন চলাচল পথতো সাল-সলনি কৰা হৈছে। যান বাহন চলাচলৰ ক্ষেত্ৰত জাৰি কৰা হৈছে কেইবাটাও নিষেধাজ্ঞা(Union Home Minister Amit Shah Concludes Two-Day Visit To Assam) ।