Local, Vocal, Global

Another Cold Day Witnessed in Delhi : প্ৰচণ্ড শীতৰ প্ৰকোপ ৰাজধানী চহৰ দিল্লীত; দেশৰ ৰাজধানীত পাৰাস্তম্ভ নামিল ৪ ডিগ্ৰী পৰ্যন্ত

নেশ্যনেল ডেস্ক, ১৭জানুৱাৰী : প্ৰচণ্ড শীতৰ প্ৰকোপ ৰাজধানী চহৰ দিল্লীত । ৰাজধানী চহৰ দিল্লীত ক্ৰমাৎ বৃদ্ধি শীতৰ প্ৰকোপ। ডাঠ কুঁৱলীৰে ছানি ধৰিছে দেশৰ ৰাজধানী চহৰ(Another Cold Day Witnessed in Delhi) ।

ৰাষ্ট্ৰীয় ৰাজধানীখনত ইতিমধ্যে নূন্যতম তাপমাত্ৰা ৪ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাইছে । ডাঠ কুঁৱলীৰ বাবে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় (আই জি আই) বিমানবন্দৰৰ পৰা যাত্ৰা কৰা কেইবাখনো বিমান পলম হয় ।

এজন যাত্ৰীয়ে ANI ক কোৱা অনুসৰি , “বতৰ বেয়াৰ বাবে আমাৰ বিমানখন দুঘণ্টাৰো অধিক পলম হৈছে । অৱশ্যে ইয়াৰ বাবে আমি কাকো দোষাৰোপ কৰিব নোৱাৰো । আমি ইয়াৰ বাবে একো কৰিব নোৱাৰো ।”

উল্লেখ্য যে, ডাঠ কুঁৱলীৰ বাবে দৃশ্যমানতাৰ অভাৱৰ মাজতে কেবাখনো ৰে’ল পলম হোৱাৰ বাবে নতুন দিল্লী ৰে’ল ষ্টেচনত যাত্ৰী ৰৈ থকা পৰিলক্ষিত হৈছিল ।

এজন যাত্ৰীয়ে ANIৰ আগত কয় যে , “মই কেৰালালৈ যাত্ৰা কৰি আছো । মোৰ ৰে’ল কেৰালা এক্সপ্ৰেছ নিৰ্ধাৰিত সময়তকৈ পাঁচ ঘণ্টা দেৰি হৈছে(Delhi shivers as mercury plummets to 4 degrees Celsius) ।”

ইফালে বতৰ বিজ্ঞান বিভাগৰ মতে, ৫০০ মিটাৰ পৰ্যন্ত দৃশ্যমানতা হ’লে কুঁৱলীক ‘অগভীৰ’ বুলি গণ্য কৰা হয় । দৃশ্যমানতা ২০০ মিটাৰ পৰ্যন্ত থাকিলে ‘মধ্যমীয়া’ কুঁৱলীৰ সৃষ্টি হয় । দৃশ্যমানতা ৫০ মিটাৰ পৰ্যন্ত হ’লে কুঁৱলীক ‘ঘন’ হিচাপে শ্ৰেণীভুক্ত কৰা হয় । দৃশ্যমানতা ৫০ মিটাৰৰ তললৈ গ’লে ইয়াক ‘অতি ঘন’ হিচাপে শ্ৰেণীভুক্ত কৰা হয় ।

বতৰ বিভাগৰ মতে, ইয়াৰ পূৰ্বে সোমবাৰে ৰাজস্থান, পাটিয়ালা, আম্বালা, চণ্ডীগড়, পালাম, চফদৰজং (নতুন দিল্লী), বৰেলী, লক্ষ্ণৌ, বাহৰেইচ, বাৰাণসী, প্ৰয়াগৰাজ, আৰু তেজপুৰত এইবাৰৰ শীতকালত প্ৰথমবাৰৰ বাবে দৃশ্যমানতা ‘শূন্য’ হিচাপে বুলি ৰেকৰ্ড হৈছিল ।

ৰহিমালি নামৰ এজন ব্যক্তিয়ে ANI ক জনোৱা মতে, “আমি ঠাণ্ডা বতৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ জুইৰ কাষত বহি থাকো । জানুৱাৰী মাহৰ আৰম্ভণিৰ পৰাই ঠাণ্ডা বৃদ্ধি হৈ আহিছে ।”ঠাণ্ডা পৰা নিজকে ৰক্ষা কৰিবলৈ চৰকাৰী আশ্ৰয় গৃহত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছিল কেবাজনো লোক । জুইৰ আশে-পাশে বহি থকা দেখা গ’ল । এনে ঠাণ্ডা মাজতে কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পেৰেডৰ আখৰা ।

লগতে পঢ়ক :Road Accident in Bilasipara : তীব্ৰ বেগী বলেৰো বাহন আৰু মটৰ চাইকেলৰ মাজত সংঘৰ্ষ; নিহত এজন,আহত চাৰিজনকৈ লোক