40 Passengers Injured as Two Buses Collide : দুখন যাত্ৰীবাহী বাছৰ মাজত মুখামুখী সংঘৰ্ষ; আহত ৪০জনকৈ যাত্ৰী

নেশ্যনেল ডেস্ক, ১৫ জানুৱাৰী : ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন যাত্ৰীবাহী বাছৰ মাজত মুখামুখী সংঘৰ্ষ(40 Passengers Injured as two Buses Collide ) । ফলত আহত হয় প্ৰায় ৪০ জনৰো অধিক লোক(40 Passengers Injured as two Buses Collide on Yamuna Expressway Near Mathura) ।
উত্তৰ প্ৰদেশৰ মথুৰাৰ যমুনা এক্সপ্ৰেছৱে’ত সংঘটিত এক ভয়ংকৰ বাছ দুৰ্ঘটনাত ৷ সোমবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত মথুৰাত ৰায়া কাটত দুখন বাছৰ সংঘৰ্ষ হয় ৷ ফলত আহত হয় ৪০ জনৰো অধিক যাত্ৰী। এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ লগতে ঘটনা সম্পৰ্কে আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে দুৰ্ঘটনাস্থলী উপস্থিত হৈ আহতসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰে(40 Injured as Two Buses Collide on Yamuna Expressway in Mathura) ।
আহত যাত্ৰীসকলৰ ভিতৰত কেইবাজনৰো যাত্ৰীৰ অৱস্থা সংকটজনক । আহত যাত্ৰীসকলৰ ভিতৰত ৩১জন যাত্ৰীক জিলা চিকিৎসালয় আৰু আন ৯ জন অন্য চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।
ঘন কুঁৱলীৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে, দুৰ্ঘটনাত পতিত বাছ দুখনৰ এখন ঢোলপুৰৰ পৰা নয়দা অভিমুখে আৰু আনখন ইটাৱাৰ পৰা নয়দা অভিমুখী গৈছিল ৷ দুৰ্ঘটনাগ্ৰস্ত বাছ দুখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে ইউ পি ১৭ এ টি ০৩০৫ আৰু ইউ পি ৭৫ বি টি ৩০৩৪ ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি ঘন কুঁৱলীৰ বাবে দুয়োখন বাছৰ চালকে ইজনে সিজনৰ বাহনখন দেখা নাপালে । ইয়াৰ বাবেই দুয়োৰে মাজত সংঘৰ্ষ হৈছিল(Two Buses Collide On Yamuna Expressway In Mathura) ৷
লগতে পঢ়ক : Bharat Jodo Nyay Yatra Resumes from Sekmai : আজি ‘ভাৰত জোড়ো ন্যায় যাত্ৰাৰ’ দ্বিতীয়টো দিন