Local, Vocal, Global

Bharat Jodo Nyay Yatra : আজিৰে পৰা ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’

নেশ্যনেল ডেস্ক, ১৪ জানুৱাৰী : আজিৰে পৰা আৰম্ভ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ । পূবৰ পৰা পশ্চিমলৈ যাত্ৰা কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে(Bharat Jodo Nyay Yatra) । ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া কংগ্ৰেছৰ এই নতুন যাত্ৰা ২০ মাৰ্চত সমাপ্ত হ’ব । মণিপুৰৰ ইম্ফলৰ পৰা আৰম্ভ হ’ব এই যাত্ৰা। মণিপুৰৰ পৰা মুম্বাইলৈকে চলিব ভাৰত জোড়ো ন্যায় যাত্ৰা(Rahul Gandhi to kick-start Bharat Jodo Nyay Yatra from Manipur amid restrictions)।

১৪ জানুৱাৰীৰ পৰা মণিপুৰত আৰম্ভ হোৱা এই যাত্ৰাই ১৫খন ৰাজ্যৰ ১১০খন জিলাত ৬৭১৩ কিলোমিটাৰ দৈৰ্ঘ্য অতিক্ৰম কৰাৰ কথা আৰু ২০ মাৰ্চত মুম্বাইত শিখৰত উপনীত হ’ব।

উল্লেখ্য যে, ৬৬ দিন ধৰি চলিবলগীয়া এই যাত্ৰা আৰম্ভ কৰিব কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে। কংগ্ৰেছৰ এই যাত্ৰা পূৰ্বৰ যাত্ৰাৰ দৰে নহয় । এই যাত্ৰাত পদ যাত্ৰা মাজে মাজে সভা অনুষ্ঠিত হ’ব লগতে বাহনতো যাত্ৰা কৰিব। মণিপুৰত আৰম্ভ হ’বলগীয়া এই যাত্ৰাক প্ৰথমে এন বীৰেন সিঙেৰ নেতৃত্বধানী বিজেপি চৰকাৰে অনুমতি প্ৰদান কৰা নাছিল যদিও শেহতীয়াকৈ বহু নিষেধাজ্ঞাৰ জৰিয়তে এই যাত্ৰা আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছে(Amid INDIA bloc churn, Rahul kicks off Bharat Jodo Nyay Yatra from Manipur)।

মণিপুৰত আৰম্ভ হোৱা এই যাত্ৰাই নাগালেণ্ডত প্ৰৱেশ কৰিব আৰু তাৰ পাছত আমগুৰিহৈ অসমত প্ৰৱেশ কৰি অৰুণাচললৈ যাত্ৰা কৰিব। তাৰ পাছত পুনৰ অসমলৈ আহি অন্য ৰাজ্যৰ দিশে গতি কৰিব।

মুঠ ৬৬ দিনৰ এই যাত্ৰাই সামৰি ল’ব ৬ হাজাৰ ৭০০ কিলোমিটাৰ পথ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় কেইখন ৰাজ্য স্পৰ্শ কৰি ২৫ জানুৱাৰীত পশ্চিমবংগত প্ৰৱেশ কৰিব এই যাত্ৰাই।

লগতে পঢ়ক :Congress To Start ‘Bharat Jodo Nyay Yatra’ From Private Ground In Thoubal : মণিপুৰৰ থৌবাল জিলাৰ ব্যক্তিগত খেলপথাৰৰ পৰা আৰম্ভ হ’ব ”ভাৰত জোড়ো ন্যায় যাত্ৰা”