Local, Vocal, Global

Two US Navy SEALs missing after Thursday night mission off Somalia’s coast : লোহিত সাগৰত যুদ্ধসদৃশ পৰিৱেশ;সন্ধানহীন আমেৰিকা নৌসেনা বাহিনীৰ দুগৰাকী বিশেষ জোৱান

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪জানুৱাৰী : লোহিত সাগৰত যুদ্ধসদৃশ পৰিৱেশ । বৃহস্পতিবাৰৰ নিশাৰে পৰা সন্ধানহীন আমেৰিকা নৌসেনা বাহিনীৰ দুগৰাকী বিশেষ জোৱান(Two US Navy SEALs missing after Thursday night mission off Somalia’s coast) ।

আমেৰিকাৰ বিষয়াই জনোৱা মতে চোমালিয়াৰ উপকূলত বৃহস্পতিবাৰে নিশাৰ বৰ্ডিং মিছন চলাই থকা আমেৰিকাৰ দুগৰাকী নেভি চীল (Navy SEAL) সন্ধানহীন হৈ আছে ।জানিব পৰা মতে, এই বিশেষ জোৱানসকল এক মধ্যৱৰ্তী অভিযান চলাই আছিল । তেওঁলোকে এখন জাহাজত উঠাৰ সময়তে এগৰাকী জোৱান তীব্ৰ ঢৌৰ কৱলত পৰে । তেওঁলোকৰ প্ৰটোকলৰ অধীনত, যেতিয়া এগৰাকী চীল বিফল হয় তেতিয়া পৰৱৰ্তী এজনে পানীত জাপ দিয়ে আৰু তেওঁক উদ্ধাৰৰ চেষ্টা কৰে । তেতিয়াৰে পৰা দুয়োগৰাকী চীলৰ সন্ধান পোৱা হোৱা নাই । তেওঁলোকে কাম কৰি থকা এডেন উপসাগৰত ইতিমধ্যে অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাই থকা হৈছে(Navy SEALs missing at sea after ship-boarding mission off Somalia) ।

উল্লেখ্য যে, শেহতীয়াকৈ আমেৰিকাৰ নৌসেনাই নিয়মীয়া আন্তঃসংযোগ অভিযান চলাই আছে য’ত তেওঁলোকে হুথি নিয়ন্ত্ৰিত য়েমেনলৈ যোৱা জাহাজৰ পৰা অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰিছে । কিন্তু এই সন্ধানহীনৰ ঘটনাটো লোহিত সাগৰত বাণিজ্যিক জাহাজসমূহক সুৰক্ষা প্ৰদান কৰাৰ বাবে চলি থকা আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় অভিযান অপাৰেচন প্ৰস্পেৰিটি গাৰ্ডিয়ান বা যোৱা দুদিন ধৰি আমেৰিকা আৰু ব্ৰিটেইনে য়েমেনত কৰা প্ৰতিশোধমূলক আক্ৰমণৰ সৈতে সম্পৰ্কিত নাছিল বুলি স্পষ্ট কৰিছে নৌসেনাৰ এগৰাকী বিষয়াই(Two Navy SEALs are missing after a night mission off the coast of Somalia) ।

লগতে পঢ়ক :IndiGo Flight Bound For Guwahati Makes Emergency Landing : ঘন কুঁৱলীৰ বাবে ঢাকাত অৱতৰণ মুম্বাই-গুৱাহাটী ইণ্ডিগ’ৰ বিমান