Local, Vocal, Global

Five children of a family Die in Sleep in UP’s Amroha : কিমান ভয়ংকৰ হ’ব পাৰে শোৱনি কোঠাত চৌকা জ্বলাই থোৱাৰ পৰিমাণ

নিউজ ডেস্ক, ১০জানুৱাৰী : কিমান ভয়ংকৰ হ’ব পাৰে শোৱনি কোঠাত চৌকা জ্বলাই থোৱাৰ পৰিমাণ । ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ বাবে শোৱনি কোঠাত কয়লাৰ চৌকা জ্বলাই থোৱাই হ’ল অভিশাপ ।

এক মৰ্মান্তিক দুৰ্ঘটনা । শোৱনি কোঠাত কয়লাৰ চৌকা জ্বলাই থোৱাৰ ফলত মৃত্যু এটা পৰিয়ালৰ ৫জনকৈ লোকৰ(Five children of a family die in sleep in UP’s Amroha) ।

মঙলবাৰে নিশা উত্তৰ প্ৰদেশৰ আমৰোহাত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা । ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ আমৰোহাৰ এটা পৰিয়ালে শোৱনি কোঠাত জ্বলাই থৈছিল কয়লাৰ চৌকা আৰু সেই সময়তে কয়লাৰ জ্বলন্ত টুকুৰাৰ পৰা নিৰ্গত হোৱা ক্ষতিকাৰক গেছৰ বাবে একেটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু হয় ।

ঘটনা অনুসৰি, ছৈদাংগলী থানাৰ আলিপুৰ ভূড় গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । সোমবাৰে নিশা আলিপুৰ ভূড় গাঁৱৰ বাসিন্দা ৰহিছুদ্দিনৰ নামৰ পৰিয়ালটোৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰি কয়লাৰ জুই জ্বলাই লৈ শুইছিল ৷ কিন্তু মঙলবাৰে গোটেই দিনটো পৰিয়ালৰ কোনো লোকক চুবুৰীয়া লোকে দেখা নাছিল আৰু ঘৰৰ দুৱাৰখনো ভিতৰৰ পৰা বন্ধ আছিল ৷ ফলত চিন্তিত হৈ পৰে কাষৰীয়া । তাৰ পাচতে এই বিষয়ে চুবুৰীয়াই অঞ্চলটোৰ অন্য লোককো অৱগত কৰে ।

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে একগোট হৈ ঘৰৰ দুৱাৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে ৷ তাৰ পাচতে স্থানীয় ৰাইজে ৰহিছুদ্দিনৰ পৰিয়ালটোক অচেতন অৱস্থাত প্ৰত্যক্ষ কৰে ৷লগে লগে স্থানীয় লোকে ৰহিছুদ্দিনৰ গোটেই পৰিয়ালটোক ওচৰৰ চিকিৎসালয় লৈ প্ৰেৰণ কৰে । কিন্তু চিকিৎসকে পৰিয়ালটোৰ পাঁচজন লোকক মৃত বুলি ঘোষণা কৰে(Minor Siblings Suffocate to Death Due to Brazier) ।

ইফালে ৰহিছুদ্দিনৰ পৰিয়ালৰ আন দুজন লোকৰ অৱস্থা সংকটজন অৱস্থাত জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ এই ঘটনাৰ তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

কয়লাৰ জুইৰ পৰা নিৰ্গত হোৱা ধোঁৱাৰ ফলতে উশাহ নিশাহত অসুবিধা হৈ লোককেইজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ।ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনাৰ ৰহস্য।

লগতে পঢ়ক : Vibrant Gujarat Summit : আৰম্ভ হ’ল বহু প্ৰত্যাশিত ভাইব্ৰেণ্ট গুজৰাট বিশ্ব সন্মিলন