Ram Mandir Inauguration: ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব অযোধ্যাত ৰাম মন্দিৰ; বন্ধ থাকিব সকলো বিদ্যালয়-মহাবিদ্যালয়

নেশ্যনেল ডেস্ক, ১০ জানুৱাৰী : দেশজুৰি প্ৰস্তুতি অযোধ্যাত ৰাম মন্দিৰক লৈ ।২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব অযোধ্যাত ৰাম মন্দিৰ । অযোধ্যাত ৰাম মন্দিৰ এই ঐতিহাসিক দিনটোৰ বাবে বাট চাই আছে সমগ্ৰ দেশৰ লগতে সমগ্ৰ বিশ্ব(Ram Mandir Inauguration) ।
ভাৰতীয় জনতা পাৰ্টীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বিশাল কাৰ্যসূচী সমগ্ৰ দেশৰে বুথ পৰ্যায়ত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰাৰ পৰিকল্পনা কৰিছে । ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অগনন ভক্তই অযোধ্যালৈ যোৱাৰ বাবে যো-যা চলাইছে(Schools, Colleges to remain closed in Uttar Pradesh on January 22) ৷
ইফালে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোক বিশেষ দিন হিচাপে গণ্য কৰি চৰকাৰে গ্ৰহণ কৰিছে এক সিদ্ধান্ত ৷ ২২ জানুৱাৰীত উত্তৰ প্ৰদেশত বন্ধ থাকিব সকলো বিদ্যালয়-মহাবিদ্যালয় ।
মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে এক পোষ্টৰ জড়িয়তে এই কথা সদৰি কৰে ।মুখ্যমন্ত্ৰী যোগীয়ে এই সন্দৰ্ভত বিষয়াসকলক ইতিমধ্যে বহু নিৰ্দেশনা প্ৰদান কৰিছে(All educational institutions in UP to remain closed on Jan 22) ।
ইফালে লক্ষ্ণৌ বিশ্ববিদ্যালয়ে ২২ জানুৱাৰীত সকলো পৰীক্ষা পিছুৱাই দিছে(Ram Mandir Ceremony Ayodhya) ।
২২ জানুৱাৰীত অযোধ্যাত পবিত্ৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে মুখ্যমন্ত্ৰী যোগীয়ে প্ৰতিদিনে বিষয়াসকলক বহু নিৰ্দেশনা দি আছে । এই ধাৰাবাহিকত মুখ্যমন্ত্ৰী যোগীয়ে বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ ২২ জানুৱাৰীত সকলো বিদ্যালয-মহাবিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে । যাতে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ৰাম উৎসৱত অংশগ্ৰহণ কৰিব পাৰে একে সময়তে লক্ষ্ণৌ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা সকলো পৰীক্ষা পিছুৱাই দিছে । অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।
লগতে পঢ়ক : Assam Police Sub-Inspector Arrested For Allegedly Demanding Bribe : পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ আৰক্ষী বিষয়া