Assam Police Sub-Inspector Arrested For Allegedly Demanding Bribe : পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

চিৰাং, ১০ জানুৱাৰী : ৰাজ্যত প্ৰতিদিনে উৎকোচ হাতে দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ।হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত । নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ । নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই(Assam Police Sub-Inspector Arrested For Allegedly Demanding Bribe In Chirang) ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব ৷ ৰাজ্যত নিতৌ গ্ৰেপ্তাৰ হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী(Assam Police Sub-Inspector Arrested For Allegedly Demanding Bribe )।
এইবাৰ দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিল আৰক্ষী বিষয়া ।উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া। মঙলবাৰে নিশা দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিল চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত ঢালিগাঁও টাউন আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া চিন্টু দাস ।
উল্লেখ্য যে, মঙলবাৰে নিশা উপ আৰক্ষী পৰিদৰ্শত চিন্টু দাসে জব্দকৃত বাহন মুকলি কৰি দিয়াৰ বাবদ দাবী কৰিছিল ১০হাজাৰ টকা । দাবী কৰা দহ হেজাৰ টকা লওতেই হাতে-লোটে দুৰ্নীতি নিবাৰণ শাখাই গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়া চিন্টু দাসক ।মঙলবাৰে নিশা প্ৰায় ১ বজালৈ চলে দুৰ্নীতি নিবাৰণ শাখাৰ অভিযান ।
ঘটনা সন্দৰ্ভত চিৰাং আৰক্ষীয়ে বৰ্তমানলৈকে মুখ খোলা নাই । একেদৰে দুৰ্নীতি নিবাৰণ শাখাইয়ো সংবাদ মাধ্যমক কোনো তথ্য সদৰী কৰা নাই( Cop caught red-handed while accepting bribe of Rs 10000 in Chirang) ।