Tripura Police Seize Cannabis Worth Over Rs 1.63 Crore : পুনৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত জব্দ ১.৬৩ কোটি টকাৰ গাঞ্জাৰ

নিউজ ডেস্ক, ১০জানুৱাৰী : পুনৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত জব্দ বুজন পৰিমাণৰ গাঞ্জা আৰু নিচাজাতীয় য়াবা টেবলেট(Tripura Police Seize Cannabis Worth Over Rs 1.63 Crore) ।
অব্যাহত আছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । অভিযানত মঙলবাৰে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বুজন পৰিমাণৰ গাঞ্জা আৰু নিচাজাতীয় য়াবা টেবলেট জব্দ কৰে আৰক্ষীয়ে।
জানিব পৰা মতে, পৃথক পৃথক স্থানত অভিযান চলাই ধলাই জিলাৰ আৰক্ষীয়ে আৰু দুখন বাহনৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা আৰু টেবলেট।
উল্লেখ্য যে, এক গোপন তথ্যৰ ভিত্তিত আমবাছাৰ বেতবাগান তালাচী চকীত অভিযান চলাই আৰক্ষীয়ে আৰু দুখন বাহনৰ পৰা জব্দ কৰা হয় ৪১০কেজি গাঞ্জা। জব্দকৃত গাঞ্জাৰ মূল্য প্ৰায় ৪১ লাখ টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।
ইফালে, আন এক অভিযানত চলাই আমবাছা এলেকাত আৰু জব্দ কৰে কেবাশ কিলোগ্ৰাম গাঞ্জা। দুবাৰৰ অভিযানত মুঠ ১৬০০ কেজি গাঞ্জা জব্দ কৰা হয়। জব্দ কৰা এই আটাইখিনি গাঞ্জাৰ মুল্য প্ৰায় ১.৬৩ কোটি টকা বুলি জানিব পৰা গৈছে(Tripura Police Seize Cannabis Worth Over Rs 1.63 Crore in Dual Operations) ।
আনহাতে, ধৰ্মনগৰ এলেকাত অভিযান চলাই এখন বাহনৰ পৰা ৭০০০ য়াবা টেবলেট জব্দ কৰে আৰক্ষীয়ে।যাৰ বজাৰ মূল্য প্ৰায় ৩৫ লাখ টকা বুলি জানিবলৈ দিয়ে ।
আৰক্ষীয়ে সদৰি কৰা অনুসৰি গাঞ্জা আৰু টেবলেট সৰবৰাহৰ সৈতে জৰিত বাহন দুখনৰ চালক দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত যুৱক দুজন কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি চান্দখিৰাৰ বাহাৰ উদ্দিন আৰু বান্দৰখালৰ চুলতান আহমেদ বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : Road Accident : গোলাঘাটত ডাম্পাৰ চালকৰ দৌৰাত্ম্য; ডাম্পাৰৰ খুন্দাত নিহত চাইকেল আৰোহী