Ex Maldives Minister Praises ‘Age-Old Ties’ With India : ‘‘প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্য মালদ্বীপ চৰকাৰৰ অদূৰদৰ্শিতা প্ৰদৰ্শন – মালদ্বীপৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী
![](https://mynewsne.com/wp-content/uploads/2024/01/noname-83-750x430.jpg)
ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ জানুৱাৰী : সোমবাৰে সামাজিক মাধ্যম এক্সত মালদ্বীপৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া আহমেদ দিদীৰ পোষ্ট , ‘‘প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্যই মালদ্বীপ চৰকাৰৰ অদূৰদৰ্শিতা প্ৰদৰ্শন কৰিছে(Former Maldives Defence Minister says remarks against PM Modi show “short-sightedness” of govt) ৷ আমাৰ বাবে ভাৰত এক নিৰ্ভৰযোগ্য সহযোগী ৷ প্ৰতিৰক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰতে আমাক সহায় আগবঢ়াই আহিছে ৷ এনে দীৰ্ঘদিনীয়া সম্পৰ্কক কলুষিত কৰাৰ যিকোনো প্ৰচেষ্টা নিন্দনীয় ৷”
ভাৰতৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বাবে হতাশা ব্যক্ত কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘ভাৰতক মালদ্বীপৰ বাবে ৯১১ ক’ল হিচাপে বিবেচনা কৰা হয় ৷ যেতিয়াই আমাক প্ৰয়োজন হয়, আমি এটা ফোন কৰো আৰু তেওঁলোকে আমাৰ উদ্ধাৰৰ বাবে আহে। তেনে ধৰণৰ বন্ধুৰ বিষয়ে এনে ধৰণৰ অপমানজনক মন্তব্য সকলোৰে বাবে দুখজনক(Ex Maldives Minister Praises ‘Age-Old Ties’ With India) । “
ভাৰতৰ সৈতে বহু পুৰণি সম্পৰ্ক বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দুয়োখন ৰাষ্ট্ৰৰ মাজত বন্ধুত্বৰ ওপৰত এনে মন্তব্যই নেতিবাচক প্ৰভাৱৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি তেওঁ কয়, ‘‘ সদায় প্ৰয়োজনৰ সময়ত তেওঁলোকে আমাক উদ্ধাৰ কৰিবলৈ আহে । তেওঁলোকে আনকি প্ৰতিৰক্ষা খণ্ডতো আমাক সঁজুলি প্ৰদান কৰি আমাক শক্তিশালী কৰাত আৰু আমাক অধিক স্বাৱলম্বী কৰি তুলিবলৈ চেষ্টা কৰি আহিছে ৷ এইটো বৰ্তমানৰ প্ৰশাসনৰ অদূৰদৰ্শিতা । আমি এখন সৰু দেশ যি সকলোৰে সৈতে বন্ধুত্ব বজাই ৰখা উচিত(‘India our 911 call’, says former Maldives minister amid row) ৷’’
লগতে পঢ়ক : Several Injured in Texas Hotel Explosion : আমেৰিকাৰ টেক্সাছৰ হোটেলত ভয়ংকৰ বিস্ফোৰণ, আহত ২১ জন