Zubeen Garg Music Concert Controversy : জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত একাংশ যুৱকৰ উদ্ভণ্ডালি; একাংশ উদণ্ড যুৱকৰ চকী ভাঙি, ৰেলিং বগাই উদ্ভণ্ডালি
নিউজ ডেস্ক, ৯ জানুৱাৰী : পুনৰ জুবিনৰ অনুষ্ঠানত অথন্তৰ । পুনৰ বিতৰ্কত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান । দেৰগাঁৱত জুবিনৰ অনুষ্ঠানত উত্তপ্ত পৰিস্থিতি । সোমবাৰে নিশা সংঘটিত হয় এই ঘটনাৰ । সোমবাৰে দেৰগাঁৱত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত মঞ্চত জুবিন গাৰ্গে গান গাই থকাৰ সময়তে একাংশ উদণ্ড অনুৰাগীয়ে চকী ভাঙি, ৰেলিং বগাই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে(Zubeen Garg Music Concert Controversy) ।
উল্লেখ্য যে, দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰত জুবিনৰ সংগীতানুষ্ঠান আছিল। দেৰগাওঁৰ নৃত্যাঞ্জলি কলা কেন্দ্ৰই অনুষ্ঠিত কৰা এই সংগীতানুষ্ঠানত একাংশ উদণ্ড যুৱকে সুৰা সেৱন কৰি এফালৰ পৰা ধ্বংস কৰি গ’ল চকী।
এক ভিডিঅ’ত দেখা পোৱা অনুসৰি চকী ভাঙি ভাঙি এই উদণ্ড যুৱকসকলে জুবিনৰ গানত নাচি-বাগি চকীসমূহ দলিয়াই ভাঙি গৈছে। আয়োজক সমিতিয়ে বাৰে বাৰে তেওঁলোকক শান্ত হ’বলৈ আহ্বান জনাইছিল যদিও শান্ত নহ’ল এই সুৰাসক্ত যুৱকৰ দলটো।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উদণ্ড যুৱকক আৰক্ষীয়ে লাঠীচালনা কৰিব লগা হয়। এই ঘটনাক কেন্দ্ৰ কৰি দেৰগাওঁত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।
লগতে পঢ়ক : Several Injured in Texas Hotel Explosion : আমেৰিকাৰ টেক্সাছৰ হোটেলত ভয়ংকৰ বিস্ফোৰণ, আহত ২১ জন