Several Injured in Texas Hotel Explosion : আমেৰিকাৰ টেক্সাছৰ হোটেলত ভয়ংকৰ বিস্ফোৰণ, আহত ২১ জন

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯জানুৱাৰী : এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা । আহত ২১জনৰো অধিক লোক ।আমেৰিকাত সংঘটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনাটো ।
জানিব পৰা মতে, সোমবাৰে আমেৰিকাৰ টেক্সাছৰ ইতিহাসপ্ৰসিদ্ধ ফৰ্ট ৱৰ্থৰ হোটেলত সংঘটিত হয় এক বিস্ফোৰণ ঘটনা ৷ বিস্ফোৰণত ফলত বৰ্তমানলৈকে প্ৰায় ২১ জনকৈ লোক আহত হোৱাৰ লগতে কেইবাজনৰো অৱস্থা সংকটজনক(Explosion at Historic Texas hotel injures 21, Scatters Debris in Fort Worth) ৷
এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনাৰ সন্দৰ্ভত ফৰ্ট ৱৰ্থ ফায়াৰ বিভাগৰ এজন মুখপাত্ৰ ক্ৰেগ ট্ৰোজাচে কয় যে, বিস্ফোৰণৰ ফলত দুৱাৰ আৰু দেৱালৰ অংশবোৰ ২০ মহলীয়া হোটেলখনৰ সন্মুখৰ পথ পৰি যায় ৷ য’ত উদ্ধাৰকাৰী কৰ্মীয়ে আৱদ্ধ কেইবাজনকো উদ্ধাৰ কৰে (Several Injured in Texas Hotel Explosion)৷
অৱশ্যে হোটেলখনত বিস্ফোৰণ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও গেছ নিৰ্গত হোৱাৰ ফলত বিস্ফোৰণ হোৱা বুলি সন্দেহ কৰা হৈছে ৷ কাৰণ হোটেলখনৰ এটা কোঠা নিৰ্মাণাধীন হৈ আছিল বুলি উল্লেখ কৰে ট্ৰোজাচে(Over 21 people injured in Apparent Gas Explosion at Texas Hotel) ।
লগতে ফৰ্ট ৱৰ্থ ফায়াৰ বিভাগৰ এজন মুখপাত্ৰ ক্ৰেগ ট্ৰোজাচে কয় যে, হোটেলখনত কত বিস্ফোৰণটো সংঘটিত হৈছিল জানিব পৰা হোৱা নাই যদিও ভৱনটোৰ এখন ৰেষ্টুৰেণ্ট নিৰ্মাণাধীন আছিল ৷
উল্লেখ্য যে, ট্ৰোজাচে জানিবলৈ দিয়া অনুসৰি ঘটনাস্থলীত অনুসন্ধানকাৰী দল উপস্থিতি হৈ বিস্ফোৰণৰ কাৰণ বিচাৰি তদন্ত আৰম্ভ কৰিছে ৷ ইফালে বিস্ফোৰণৰ ফলত সূত্ৰপাত হোৱা জুই নুমুৱাবলৈ অগ্নিনিৰ্বাপক বাহিনীয়ে হেলিকপ্টাৰৰ ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে সমগ্ৰ অঞ্চলটোত স্থানীয় লোকক প্ৰৱেশৰ ক্ষেত্ৰত আৰক্ষী আৰু প্ৰশাসনে বাধা আৰোপ কৰিছে(Explosion at Fort Worth Hotel Leaves 21 Injured) ৷
হোটেলখনৰ ৱেবছাইট অনুসৰি, চেণ্ডমেন চিগনেচাৰ ফৰ্ট ৱৰ্থ ডাউনটাউনত থকা হোটেলতো ২৪৫ টা কোঠা আছে ৷ ইয়াক ১৯২০ চনত ৱাগনাৰ বিল্ডিং হিচাপে নিৰ্মাণ কৰা হৈছিল ৷ যাক পশুপালক আৰু তেলকৰ্মী উইলিয়াম থমাছ ৱাগনাৰৰ নামেৰে নামাকৰণ কৰা হৈছিল । ভৱনটো ১৯৭৯ চনৰ পৰা ঐতিহাসিক স্থানৰ ৰাষ্ট্ৰীয় পঞ্জীয়নত তালিকাভুক্ত কৰা হৈছে ।
টেক্সাছ ৰাজ্যৰ প্ৰতিনিধি নিকোল কলিয়াৰে কয়, ‘‘মই প্ৰথমে বিস্ফোৰণটো শুনা নাছিলো ৷ কিন্তু জৰুৰীকালীন বাহন আৰু হেলিকপ্টাৰৰ চাইৰেন শুনাৰ পাচতহে মই ঘটনাস্থলীলৈ গৈছিলো ৷
লগতে পঢ়ক : কংগ্ৰেছত ব্যাপক খহনীয়া ;শীৰ্ঘে দুই কংগ্ৰেছৰ নেতাৰ বিজেপিত যোগদানৰ সম্ভাৱনা