Local, Vocal, Global

Road Accident in Dergaon : দেৰগাঁৱৰ পুনৰ দুৰ্ঘটনা; নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল চিলিণ্ডাৰ ভৰ্তি ট্ৰাক

নিউজ ডেস্ক, ৮জানুৱাৰী : দেৰগাঁৱৰ ৰাজপথত পুনৰ দুৰ্ঘটনা(Road Accident in Dergaon)। বাদুলিপাৰত ৰেলিঙত খুন্দিয়াই বাগৰিল ৰন্ধন গেছৰ চিলিণ্ডাৰ ভৰ্তি ট্ৰাক। দুৰ্ঘটনাত হতাহত হোৱা নাই কোনো লোক(Road Safety Concerns Intensify In Dergaon) ।

এটাৰ পাছত এটা পথ দুৰ্ঘটনা সংঘটিত হৈছে দেৰগাঁৱৰ পথত। ধাৰাবাহিক পথ দুৰ্ঘটনাই বিপদত পেলাইছে জনাতক। দেৰগাঁৱৰ কাষৰীয়া বাদুলিপাৰত ২৪ ঘণ্টাত দুটাকৈ পথ দুৰ্ঘটনা।বাদুলিপাৰত পুনৰ ৰাজপথত বাগৰিল ট্রাক।ফ’ৰলেনৰ কাষৰ ৰেলিঙত খুন্দিয়াই বাগৰিল ট্রাকখন। ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িয়াই আনিছিল ট্রাকখনে(Dergaon Sees Second Accident In 24 Hours; Truck Turns Turtle)।

গোৱালপাৰাৰ পৰা ডিমৌ অভিমুখী আছিল ট্রাকখন।ইয়াৰ পূৰ্বে এখন বলেৰ’ বাহন বাগৰিছিল এই পথত(Road Safety Concerns Intensify In Dergaon, Following Yet Another Accident
)।

লগতে পঢ়ক : Road Accident : আৰ্টিকা বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ;থিতাতে নিহত এজন