Dima Hasao Autonomous Council Election Polling : আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

নিউজ ডেস্ক, ৮জানুৱাৰী : আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। পুৱা ৮বজাৰ আৰম্ভ হৈছে ভোটদান । ভোটদানৰ বাবে হাফলঙৰ ভোট কেন্দ্ৰসমূহত পুৱা ৮ বজাৰ পৰা শাৰী পাতিছে ভোটাৰসকলে( Voting Begins for North Cachar Hills Autonomous Council Election)।
২৮টা সমষ্টিৰ ২২ টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে মুঠ ৮৭ গৰাকী প্ৰাৰ্থী। মুঠ ভোটাৰৰ সংখ্যা ১ লাখ ৪১ হাজাৰ ১২৪ গৰাকী। ৬টা সমষ্টিত ইতিমধ্যে বিজেপি বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। আজি পুৱাৰে পৰা বেলট পেপাৰৰ জৰিয়তে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ(Voting for 22 constituencies in Dima Hasao district for the 13th NC Hills Council election underway)।
উল্লেখ্য যে, হামৰি, গুনজুং, হাৰাংগাজাও, হাজাদিছা, পূৱ মাইবাং আৰু পশ্চিম মাইবাং সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপি । এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ১২ জানুৱাৰীত(Dima Hasao Autonomous Council Election Polling )।
লগতে পঢ়ক :Road Accident : আৰ্টিকা বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ;থিতাতে নিহত এজন