Local, Vocal, Global

Road Accident : দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ৭জানুৱাৰী : দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা । দেওবাৰে দেৰগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাদুলিপাৰত সংঘটিত হয় পথ দুৰ্ঘটনা(Road Accident)।

বাদুলিপাৰৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বনবাগিচাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। জানিব পৰা মতে, AS-01EE-5267 নম্বৰৰ বগা ৰঙৰ বলেৰ’ বাহনে তীব্ৰ বেগত গুৱাহাটীৰ পৰা মাজুলীৰ অভিমূখে আহি আছিল। পথৰ মাজতে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বাহনখন। পথ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা ২ আৰোহীৰ। এই ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ আহত দুইজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে(Road Accident at Dergaon) ।

উল্লেখযোগ্য যে বুধবাৰে পুৱতি নিশা দেৰগাঁৱৰ এখন ১৪ চকীয়া ট্ৰাক আৰু বনভোজলৈ যোৱা বাছৰ মুখামুখি সংঘৰ্ষত ১২জনকৈ লোকৰ মৃত্যু হৈছিল। ৩০জনতকৈ অধিক লোক আহত হৈছিল । দেৰগাঁৱৰ বালিজানৰ পথ দুৰ্ঘটনাত ফলত ৰাজ্য়ত এতিয়াও বিৰাজ কৰিছে শোকৰ ছাঁ।

লগতে পঢ়ক : Dumper Truck Crashes Into Khanapara Traffic Point : খানাপাৰাত ভয়ংকৰ দুৰ্ঘটনা; কথমপি প্ৰাণ ৰক্ষা যান-বাহন আৰক্ষীৰ