Local, Vocal, Global

SDRF Recovers Police Officer’s Body From Brahmaputra River : অৱশেষত উদ্ধাৰ হ’ল নাওঁৰ পৰা পৰি নিখোজ হোৱা আৰক্ষী জোৱানৰ মৃতদেহ

হাতশিঙিমাৰী, ৭ জানুৱাৰী : অৱশেষত উদ্ধাৰ হ’ল নাওঁৰ পৰা পৰি নিখোজ হোৱা আৰক্ষী জোৱানৰ মৃতদেহ । SDRF বাহিনী জোৰদাৰ অভিযানৰ অন্তত উদ্ধাৰ হ’ল আৰক্ষী জোৱান কুশল কলিতাৰ মৃতদেহ (SDRF Recovers Police Officer’s Body From Brahmaputra River) ।

উল্লেখ্য যে, দক্ষিণ শালমৰা মানকাচৰত নাওঁৰ পৰা পৰি নিখোজ হৈছিল আৰক্ষী জোৱান । দেওবাৰে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষকে দেওবাৰে ৰাতিপুৱাই বন্দিহানা আৰক্ষী চকী পৰিদৰ্শন কৰিবলৈ গৈ আছিল আৰু সেই সময়তে আৰক্ষী অহা এখন যন্ত্ৰচালিত নাঁওৰ পৰা এজন আৰক্ষী জোৱান পিচলি পৰে ব্ৰহ্মপুত্ৰৰ বুকুত । দুৰ্ঘটনাটোত আৰক্ষী জোৱানজন নিখোজ হয়(SDRF Recovers Police Officer’s Body From Brahmaputra River In Mankachar)।

জানিব পৰা মতে, ব্ৰহ্মপুত্ৰৰ বুকুত দুৰ্ঘটনাত পতিত হোৱা নাওখনত জিলাখনৰ SP, DSP, OCএ ফকিৰগঞ্জ আৰক্ষী থানাৰ পৰা এক ইঞ্জিন চালিত নাঁৱৰে বন্ধিহানা আৰক্ষী থানালৈ গৈ আছিল। যাত্ৰাৰ সময়তে DSPৰ PSOয়ে মাজ নদীত বাগৰি পৰে। এই দুৰ্ঘটনাত আৰক্ষী জোৱান কুশল কলিতা (৩৬) নিখোজ হয়।নিখোজ হোৱা আৰক্ষী জোৱান জনৰ ঘৰ গোৱালপাৰাৰ মৰনৈত বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: Cop Goes missing after falling into water from boat in mankachar : ব্ৰহ্মপুত্ৰৰ বুকুত পৰি নিখোজ আৰক্ষী জোৱান