Local, Vocal, Global

IIT Student Death Inside Hotel Room : IITৰ ছাত্ৰীৰ মৃত্যুৰ আন এক ৰহস্য ; ৩১ ডিচেম্বৰ নিশা পাৰ্টীত সুৰা পান কৰা নাছিল IITৰ ছাত্ৰী গৰাকীয়ে

নিউজ ডেস্ক, ৭ জানুৱাৰী : IITৰ ছাত্ৰীৰ মৃত্যুৰ আন এক ৰহস্য । ৩১ ডিচেম্বৰ নিশা পাৰ্টীত সুৰা পান কৰা নাছিল IITৰ ছাত্ৰী গৰাকীয়ে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উলাইছে এই চাঞ্চল্যকৰ তথ্য(IIT Student Death Inside Hotel Room ) ।

IITৰ ছাত্ৰীৰ মৃত্যুক লৈ উত্থাপন হৈছে বহু প্ৰশ্ন । যদি সুৰা পানৰ ফলত মৃত্যু হোৱা নাছিল পল্লবী ঐশ্বৰ্য তেন্তে কেনেকৈ মৃত্যু হ’ল ছাত্ৰীগৰাকীৰ ? পল্লবী ঐশ্বৰ্য মৃত্যুৰ আঁৰত আছে নেকি ড্ৰাগছ । ৩১ ডিচেম্বৰ নিশা পাৰ্টীত IITৰ ছাত্ৰী গৰাকীয়ে কৰিছিল নেকি নিষিদ্ধ ড্ৰাগছৰ পাৰ্টী( Dead Body of a Girl Found Inside Hotel Room ) ।

প্ৰশ্ন বহুটো কিন্তু পোৱা নাই সঠিক তথ্য । প্ৰশ্নৰ উত্তৰ ওলাব ৩১ ডিচেম্বৰত নিশা মৃত ছাত্ৰীগৰাকীৰ লগত থকা আন ৩ ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত। যি এতিয়াও গোপনে ৰাখিছে পল্টন বজাৰ আৰক্ষীয়ে।
যদি তিনি বন্ধুৰ সৈতে পল্লবী ঐশ্বৰ্য নিষিদ্ধ ড্ৰাগছ সেৱন কৰিছিল তেন্তে ক’ত লৈছিল নিষিদ্ধ সামগ্ৰীৰ সোৱাদ ? হোটেল চিটী পেলেচৰ ২০২ নম্বৰ কোঠাত নে ৰুদ্ৰাক্ষ মলৰ জ’ৰ পাবত ? নে আন ক’ৰবাত?

ইফালে কন্যাৰ অকাল মৃত্যুৰ পাছত তেলেংগানাৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰা নাই কোনো এজাহাৰ । এতিয়াকে সৃষ্টি হৈছে আন এক ৰহস্যৰ। প্ৰশ্ন উত্থানপ হৈছে নিজ মেধাৱী কন্যাৰ মৃত্যুৰ পিছতো কিয় পৰিয়ালৰ লোকে দাখিল কৰা নাই কোনো এজাহাৰ(IIT Student Death) ?

কোনো প্ৰভাৱশালী পক্ষৰ হেঁচাৰ বাবেই মেধাৱী কন্যাৰ এনে পৰিণতিৰ পাছতো মনে মনে আছে পিতৃ-মাতৃ? যদি আছে তেন্তে মহানগৰ আৰক্ষীয়ে বিচাৰি উলিয়াব পাৰিবনে সেই প্ৰভাৱশালী পক্ষক? সুৰাপান নকৰাকৈ হোটেলৰ বিচনাত মৰি পৰি থকা IIT ৰ ছাত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ উলিয়াব পাৰিবনে মহানগৰ আৰক্ষীয়ে ?

লগতে পঢ়ক :Man Elephant Conflict : গোৱালপাৰাত বনৰীয়া হাতীৰ সন্ত্রাস;বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ