Local, Vocal, Global

Badruddin Ajmal urged Muslims To Avoid Traveling During Ram Temple Consecration : পুনৰ বিতৰ্কিত মন্তব্য AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ ,ৰাম মন্দিৰক লৈ মন্তব্যক আজমলৰ

নিউজ ডেস্ক, ৬ জানুৱাৰী : পুনৰ বিতৰ্কিত মন্তব্য AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ ৷ এইবাৰ ৰাম মন্দিৰক লৈ মন্তব্য বদৰুদ্দিন আজমলৰ । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ছোৱাত মুছলমান লোকসকলক ঘৰতে থাকিবলৈ আহ্বান বদৰুদ্দিন আজমলৰ ।২০ৰ পৰা ২৫ জানুৱাৰীলৈ ৰে’লত ভ্ৰমণ নকৰিবলৈ আহ্বান AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ(AIUDF Chief Badruddin Ajmal Advises Muslims To Avoid Travel During Ram Temple Consecration)৷

উল্লেখ্য যে, দেশজুৰি প্ৰস্তুতি অযোধ্যাত ৰাম মন্দিৰক লৈ ।২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব অযোধ্যাত ৰাম মন্দিৰ । অযোধ্যাত ৰাম মন্দিৰ এই ঐতিহাসিক দিনটোৰ বাবে বাট চাই আছে সমগ্ৰ বিশ্ব(Badruddin Ajmal urged Muslims To Avoid Traveling During Ram Temple Consecration)।

কিন্তু অযোধ্যাত ৰাম মন্দিৰক লৈ মুছলমান লোকসকলক ঘৰতে সোমাই থাকিবলৈ আহ্বান জনালে বদৰুদ্দিন আজমলে। আজমলে কয়, ‘‘আমাৰ মুছলমান ভাইসকলে ২০ তাৰিখৰ পৰা ২৫ তাৰিখ পৰ্যন্ত ৰে’লত ভ্ৰমণ নকৰিব। এই যে ৰাম জন্মভূমিৰ মূৰ্তি ৰখা হ’ব, ৰামৰ মূৰ্তি ৰখা হ’ব, গোটেই পৃথিৱীয়ে চাই থাকিব। গাড়ী, বাছ, ট্ৰেইন, ফ্লাইট সকলোতে মানুহে মানুহ থাকিব। বিজেপিৰ পৰিকল্পনা বহু ডাঙৰ। আমি শান্তি-সম্প্ৰীতি বজাই ৰখাই লাগিব, সেইবাবে এইকেইদিন ৰে’লত যাব নালাগে।’’

বদৰুদ্দিন আজমলে কয়, ‘‘এইকেইটা দিন ঘৰত থাকক, শান্তিত থাকক। আল্লাহৰ ওচৰত দোৱা কৰি থাকক। বিজেপি আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু। প্ৰাণৰ শত্ৰু, ভাতৰ শত্ৰু, আজানৰ শত্ৰু, মাদ্ৰাছাৰ শত্ৰু, মছজিদৰ শত্ৰু, ইছলামিক আইনৰ শত্ৰু, তালাকৰ শত্ৰু।’’

লগতে পঢ়ক :PM Modi writes to Japanese counterpart Kishida : জাপানৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ প্ৰধানমন্ত্ৰী মোদীৰ