Local, Vocal, Global

Road Accident : পুনৰ দেৰগাঁৱৰ বালিজানত দুৰ্ঘটনা; নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত কয়লা পৰিবাহী ট্ৰাক

গোলাঘাট, ৬ ডিচেম্বৰ : দেৰগাঁৱৰ অভিশপ্ত বাছ দুৰ্ঘটনাৰ স্থানত পুনৰ আন এক দুৰ্ঘটনা । শুকুৰবাৰে নিশা সংঘটিত হয় দুৰ্ঘটনাটো ।

শুকুৰবাৰে নিশা এখন ১৪ চকীয়া কয়লা পৰিবাহী ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথত আবদ্ধ হৈ পৰে। জানিব পৰা মতে, কয়লা পৰিবাহী ট্ৰাক খনৰ নম্বৰ RJ-19- GH-3529। কয়লা সৰবৰাহ নিষিদ্ধ থকাৰ পাছতো নিশাৰ ভাগত একাংশ সৰবৰাহকাৰীয়ে চলাই আছে কয়লাৰ ৰমৰমীয়া ব্যৱসায়(Road Accident at Dergaon) ।

এই ঘটনাৰ ফলত কোনো লোক হতাহত হোৱা নাই।

উল্লেখযোগ্য যে বুধবাৰে পুৱতিনিশা দেৰগাঁৱৰ অভিশপ্ত সেই স্থানতে এখন ১৪ চকীয়া ট্ৰাক আৰু বনভোজলৈ যোৱা বাছৰ মুখামুখি সংঘৰ্ষত ১২জনকৈ লোকৰ মৃত্যু হৈছিল। ৩০জনতকৈ অধিক লোক আহত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনাত। তাৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণক লৈ বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছিল।

লগতে পঢ়ক : Fire on Benapole Express train in Dhaka : বাংলাদেশত প্ৰাক-নিৰ্বাচনৰ পূৰ্বে হিংসা; মৃত ৪জন,আহত কেইবাজনো