Dead Body Recovered : জামুগুৰিহাটত উদ্ধাৰ অচিনাক্ত মৃতদেহ
জামুগুৰিহাট, ৪ জানুৱাৰী : ৰাজ্যৰ পুনৰ উদ্ধাৰৰ অচিনাক্ত মৃতদেহ । ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে(Dead Body Recovered)।
জামুগুৰিহাটৰ খনামুখ নেৱাৰ বস্তিত পথৰ দাঁতিৰ পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহ। বৃহস্পতিবাৰে পুৱাৰ ভাগত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো আৰু লগে লগে ঘটনা সম্পৰ্কে স্থানীয় আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনাৰ সম্পৰ্কে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে । আৰক্ষীয়ে মৃতেদহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । বৰ্তমান ঘটনাসম্পৰ্কে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে(Dead Body Recovered in Jamugurihat) ।
জানিব পৰা মতে অচিনাক্ত মৃতদেহটো আদিবাসী সম্প্ৰদায়ৰ লোকৰ ।
লগতে পঢ়ক :Drinking Water Issue : ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি