Local, Vocal, Global

Terrible Road Accident : বিলাসীপাৰাত শোকাৱহ দুৰ্ঘটনা

বিলাসীপাৰা, ৩জানুৱাৰী : এক শোকৱহ দুৰ্ঘটনা । নিহত দুজন(Terrible Road Accident)।

বিলাসীপাৰা লক্ষীগঞ্জ ভাষানীগাঁৱত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা । বাইক আৰু চাইকেলৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনাটো । দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী জন লগতে গুৰুতৰ ভাবে আহত চাইকেল আৰোহী জনৰ। আহত চাইকেল আৰোহীজনক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত মৃত্যু হয় চাইকেল আৰোহী(Terrible Road Accident in Bilasipara) ।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, চিকিৎসালয়ত চিকিৎসক নথকাৰ বাবে চাইকেল আৰোহী জনৰ মৃত্যু হয় |চাইকেল আৰোহীজনৰ মৃত্যুক লৈ ৰাইক উত্তেজিত হৈ পৰে আৰু চিকিৎসালয়ৰ সন্মুখত ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে |

জানিব পৰা মতে, নিহত বাইক চালক জন ফকিৰাগ্ৰাম কৰাইতোলা গাঁৱৰ আজিমুল হক বুলি চিনাক্ত কৰা হৈছে । আনহাতে চাইকেল আৰোহী জন ভাষানী গাঁৱৰ মালেক উদ্দিন ওৰফে গাণ্ডু বুলি জানিব পৰা গৈছে |দুৰ্ঘটনা সংঘটিত কৰা বাইক খনৰ নম্বৰ AS16-G – 8189 । ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি |

লগতে পঢ়ক : Road Accident : বনভোজলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত; শিশুসহ নিহত ১২জন