US troops repel attack on ship in Red Sea : হুথি বিদ্ৰোহীসকলৰ আক্ৰমণ লোহিত সাগৰৰ মালবাহী জাহাজৰ ওপৰত

নেশ্যনেল ডেস্ক, ১ জানুৱাৰী : হুথি বিদ্ৰোহীসকলৰ আক্ৰমণ বৃদ্ধি পাইছে লোহিত সাগৰৰ মালবাহী জাহাজৰ ওপৰত(US troops repel attack on ship in Red Sea) ।
উল্লেখ্য যে, বিগত ডিচেম্বৰ মাহত হুথি বিদ্ৰোহীৰ কেইবাটাও আক্ৰমণক বিফল কৰিছিল আমেৰিকাৰ সেনাই ৷ এই ক্ষেত্ৰত আমেৰিকাৰ সেনাই কয় যে, লোহিত সাগৰত এখন মালবাহী জাহাজত হুথি বিদ্ৰোহীগোটে আক্ৰমণ কৰাৰ পাছতে সেনাই হুথি বিদ্ৰোহীৰ বিৰুদ্ধেও গুলীচালনা কৰিছিল ৷
আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে কয় যে, শনিবাৰে সন্ধিয়াৰ ভাগত দক্ষিণ লোহিত সাগৰৰ মাজেৰে যাত্ৰা কৰাৰ সময়ত ছিংগাপুৰৰ পতাকাযুক্ত মাৰ্স্ক হাংঝৌ নামৰ জাহাজখনক লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰিছিল হুথি বিদ্ৰোহী গোটে ৷ তাৰ পাচতে ইউ এছ এছ গ্ৰেভলী ধ্বংসকাৰী দলৰ কৰ্মচাৰীসকলে দুটা মিছাইল প্ৰথমে বিফল কৰিছিল ৷
আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাই কয় যে, দেওবাৰে পুৱতি নিশাও চাৰিখন সৰু নাৱেৰে অস্ত্ৰ-শস্ত্ৰ লৈ মাৰ্স্ক হাংঝৌ নামৰ মালবাহী জাহাজখনত আক্ৰমণ কৰিছিল হুথি বিদ্ৰোহীয়ে ৷ লগতে বিদ্ৰোহীসকলে জাহাজখনত উঠিবলৈও চেষ্টা কৰিছিল । কিন্তু ইউ এছ এছ গ্ৰেভলী আৰু হেলিকপ্টাৰে আমেৰিকাৰ সেনাই সুৰক্ষা দিছিল জাহাজখন ৷ লগতে বিদ্ৰোহী গোটে চলোৱা গুলীচালনাৰ উচিত প্ৰত্যুত্তৰ দিয়ে সেনাই(US troops repel attack on ship in Red Sea, kill 10 Houthi rebels) ৷
ইফালে আমেৰিকা সেনাৰ গুলীচালনাৰ ফলত হুথি বিদ্ৰোহী গোটৰ তিনিখন নাও ডুবা যায় লগতে কেইবাটাও হুথি বিদ্ৰোহী গোটৰ সদস্য নিহত হৈছে ৷ সেনাৰ আক্ৰমণৰ তীব্ৰতৰ হোৱা বাবে বিদ্ৰোহী গোটৰ কেইবাজনো সদস্য নাও লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ এই ঘটনাত আমেৰিকা সেনাৰ কোনো ক্ষতি হোৱা নাই বা মালবাহী জাহাজৰ পৰাও কোনো লোক হতাহত হোৱাৰ খবৰ প্ৰকাশ পোৱা নাই ৷ ইফালে, হুথি বিদ্ৰোহীগোটে কয় যে, এই ঘটনাত ১০ জন হুথি বিদ্ৰোহী সদস্য নিহত হৈছে(US Navy helicopters fire at Yemen’s Houthi rebels and kill several in latest Red Sea shipping attack) ৷
লগতে পঢ়ক : Arms Seized in Manipur : মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ