Arms Seized in Manipur : মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ

নিউজ ডেস্ক, ১ জানুৱাৰী : মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান । মণিপুৰৰ বিভিন্ন প্ৰান্ততনিৰাপত্তা বাহিনীৰ অভিযান । অভিযানত কেবাটাও বুজন সংখ্যক বিস্ফোৰক সামগ্ৰী তথা বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ (Arms Seized in Manipur)।
উল্লেখ্য যে, অশান্ত মণিপুৰৰ বিভিন্ন জিলাত আজিও অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে।
বিশেষকৈ নিৰাপত্তা বাহিনীয়ে ইম্ফল পশ্চিম, ইম্ফল পূব, থৌবাল, টেঙনৌপাল আৰু বিষ্ণুপুৰ জিলাৰ বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে ।
দেওবাৰে অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে বিষ্ণুপুৰ জিলাৰ বিভিন্ন স্থানত অভিযান চলাই বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে।
জানিব পৰা মতে, অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে ১টা M 16 ৰাইফল, ১টা M 16 ৰাইফলৰ মেগজিন, 5.56 mm ৰ ৮ টা সজীব গুলী,মেগজিনসহ ১ টা দেশীয় 9 mm পিষ্টল, ১১ টা হেণ্ড গ্ৰেণেড, ৯টা টিউব লঞ্চাৰসহ যথেষ্ট গোলাবাৰুদ জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।