Defence Minister Rajnath Singh Arrives in Tezpur for Convocation Ceremony : তেজপুৰত উপস্থিত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
নিউজ ডেস্ক, ৩১ডিচেম্বৰ : তেজপুৰত উপস্থিত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । তেজপুৰ বিশ্ববিদ্যালয়ৰ একবিংশতিতম সমাৱৰ্তনত অনুষ্ঠানতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে উপস্থিত থাকে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু(Defence Minister Rajnath Singh Arrives in Tezpur for Convocation Ceremony) ৷
উল্লেখ্য যে, উক্ত সমাৱৰ্তন অনুষ্ঠানতে ১,৩৩৫ জনৰো অধিক অধিক ছাত্ৰ-ছাত্ৰী ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰিব বিশ্ববিদ্যালয়খনে ৷ সমাৱৰ্তন অনুষ্ঠানতে ৭৮৩ জনক স্নাতকোত্তৰ (পি জি) ডিগ্ৰী, ৪২৮ জনক স্নাতক (ইউ জি) ডিগ্ৰী, ৫ জনক পি জি ডিপ্ল’মা, ১০০ জনতকৈ অধিকক পি এইচ ডি ডিগ্ৰী আৰু ২৩ গৰাকীক দূৰ আৰু অনলাইন শিক্ষাৰ ডিগ্ৰী প্ৰদান কৰা হ’ব ৷ বিশ্ববিদ্যালয়ত উপস্থিত হৈ উপাচাৰ্যৰ বাসভৱনত তেজপুৰ গজৰাজ কৰ্পছৰ সেনা বাহিনীৰ মুৰব্বী বিষয়াসকলৰ লগতো এক আলোচনাত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী(Defence Minister Rajnath Singh Arrives In Assam To Attend Convocation Of Tezpur University) ৷
দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বায়ুসেনাৰ বিমানৰে আহি তেজপুৰ বায়ুসেনাৰ বিমান ঘাটিত অৱতৰণ কৰে তাৰ পিছত শালনিবাৰীস্থ বিমান ঘাটিৰ পৰা বিশ্ববিদ্যালয়ৰ প্ৰাংগণত উপস্থিত হৈ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷
ইফালে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাংগণত ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়াসকলকো সাক্ষাৎ কৰে ৷ শৈক্ষিক কাৰ্যক্ৰমণিকাৰ ওপৰিও বিশ্ববিদ্যালয়খনে ভাৰতীয় সেনাৰ জোৱানসকলক চীনা ভাষাত প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰতো জড়িত ৷
চলিত বৰ্ষৰ এপ্ৰিল মাহত ভাৰতীয় সেনাৰ ৪ কৰ্পছৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল বিশ্ববিদ্যালয়খনে ৷ এই চুক্তিৰ দ্বাৰা সেনা জোৱানসকলক চীনা ভাষাৰ মৌলিক পাঠ্যক্ৰম প্ৰদান কৰি চাৰিটা প্ৰয়োজনীয় ভাষা দক্ষতা বিকাশৰ বাবে অৰ্থাৎ শুনা, কোৱা, পঢ়া আৰু লিখাৰ মধ্যম স্তৰৰ বিষয়ে আলোচনা কৰিব ।