Local, Vocal, Global

Hamas Terrorists in Gaza School Fires on Soldiers as Civilians Sheltered There : গাজাত ইজৰাইলী সেনাক লক্ষ্য কৰি গুলীচালনা হামাছ সন্ত্ৰাসবাদীৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩১ডিচেম্বৰ : অব্যাহত আছে ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধৰ বিভীষিকা । ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধ সাম কটাৰ যেন নামে লোৱা নাই(Israel-Hamas war) ।

বৰ্তমানেও অন্ত পৰা নাই ইজৰাইল-হামাছৰ মাজৰ যুদ্ধৰ বিভীষিকা ৷ অব্যাহত আছে দুয়োখন দেশৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ । ইজৰাইলৰ আক্ৰমণত হাজাৰ হাজাৰ সাধাৰণ জনতাই বিশেষকৈ পেলেষ্টাইনৰ নাগৰিকে অকালতে প্ৰাণ হেৰুৱাবলগা হৈছে(Hamas terrorists in Gaza school fires on soldiers as civilians sheltered there) ।

পুনৰ হামাছ সন্ত্ৰাসবাদীৰ আক্ৰমণ ইজৰাইলৰ সেনাক । শনিবাৰে গাজাত ইজৰাইলৰ সেনাক লক্ষ্য কৰি গুলীচালনা কৰে হামাছ সন্ত্ৰাসবাদীয়ে ৷

হামাছ সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত ইজৰাইলৰ সেনাই কয় যে, ‘‘গাজাৰ এখন বিদ্যালয়ৰ পৰা ইজৰাইলী সেনালৈ লক্ষ্য কৰি হামাছে গুলীচালনা কৰে ৷ উক্ত বিদ্যালয়খনত সাধাৰণ লোকে আশ্ৰয় লৈ আছিল । আই ডি এফৰ ১৮৮ নং ব্ৰিগেডৰ যুঁজাৰু দলৰ সৈনিকসকলে মধ্য গাজাৰ আল বুৰেইজ শৰণাৰ্থী শিবিৰৰ এখন বিদ্যালয়ৰ এলেকাত কাম কৰি আছিল ৷ সেইসময়তে হামাছৰ দলে অট্টালিকাৰ পৰা গুলীচালনা কৰিছিল ।’’

আনহাতে, শনিবাৰে ইজৰাইলী যুঁজাৰু বিমানে মেটুলাৰ সীমান্তৰ সমীপতে থকা লেবাননৰ কফাৰকেলা অঞ্চলত হিজবুল্লাহ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছিল ৷ কাৰণ ৭ অক্টোবৰত হিজবুল্লাহ সন্ত্ৰাসবাদীয়ে উক্ত অঞ্চলৰ পৰা বৃহৎ সংখ্যক ৰকেট নিক্ষেপ কৰিছিল ইজৰাইললৈ(Hamas Terrorists in Gaza School Fires on Soldiers as Civilians Sheltered There) ।

উল্লেখ্য যে, ইজৰাইলৰ সামৰিক বাহিনীৰ চোৰাংচোৱাই বৃহস্পতিবাৰে তথ্য লাভ কৰিছিল যে, ডজন হামাছ সন্ত্ৰাসবাদীয়ে সাধাৰণ লোক থকা এখন বিদ্যালয়ৰ ভিতৰত সোমাই আছে । সন্ত্ৰাসবাদীসকলে মহিলা আৰু শিশুৰ পিছফালে লুকাই থাকে ৷ শিশু আৰু মহিলাসকলক ঢাল হিচাপে ব্যৱহাৰ কৰিছে হামাছে ৷ যাৰবাবে ইজৰাইলৰ সেনালৈ লক্ষ্য কৰি আক্ৰমণ কৰে হামাছে ৷ সেয়ে বৃহস্পতিবাৰে ইজৰাইলৰ সেনাই বিদ্যালয়খনত অভিযান চলাই কেইবাজনো সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে ৷ এই সন্দৰ্ভত আই ডি এফে কয় যে, ইউ এন আৰ ডব্লিউৰ শৰণাৰ্থী শিবিৰৰ ভিতৰত কমেও ৯ টা সুৰংগ আছিল ৷

বৰ্তমানলৈকে, ইজৰাইলী-হামাছৰ যুদ্ধত কমেও ১,২০০ জন লোক নিহত হৈছে । ইফালে, হামাছে গাজাত বন্দী কৰি ৰখা পুৰুষ, মহিলা, শিশু, সৈনিক আৰু বিদেশী নাগৰিকৰ সংখ্যা প্ৰায় ১২৯ জন বুলি সন্দেহ কৰিছে ইজৰাইলৰ সেনাই ।

লগতে পঢ়ক : 6 Dead After Fire Breaks Out Glove Factory Maharashtra : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা; মৃত্যু ৬জন, আহত ৪জন