Mysterious Death of Assam Youth in Gujarat : পুনৰ বহি:ৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ
নিউজ ডেস্ক, ৩০ ডিচেম্বৰ : পুনৰ বহি:ৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ ।
কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ(Mysterious Death of Assam Youth in Gujarat) ৷
উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে(Mysterious Death of Assam Youth in Gujarat Sparks Family’s Grief and Demands for Probe) ৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা ।
পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱকক । মৃত্যু বাক্সাৰ কুৰিবিলৰ যুৱক সুজন বৰ্মৰ । গুজৰাটৰ আহমেদাবাদত মৃত্যু যুৱকজনৰ । পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি এয়া হত্যা ।
উল্লেখ্য যে, বাক্সাৰ কুৰিবিলৰ যুৱক সুজন বৰ্ম বাংগালোৰত কাম কৰি আছিল যদিও তেওঁ অন্য এটা কাম বিচাৰি গুজৰাটৰ আহমেদাবাদলৈ গৈছিল। কিন্তু আহমেদাবাদলৈ নাপাওতেই ৰজস্যজনকভাৱে মৃত্যু হয় সুজন বৰ্মৰ।
শুকুৰবাৰে তেওঁৰ ৰহস্যজনভাৱে মৃত্যু হোৱাৰ খবৰ পৰিয়ালৰ লোকে লাভ কৰে আৰু লগে লগে হাহাকাৰ লাগে পৰিয়ালৰ মাজত ।
ইতিমধ্যে পৰিয়ালৰ লোক ৰাওনা হৈছে গুজৰাটলৈ । ঘটনাৰ তদন্তৰ দাবী তুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, স্থানীয় বিধায়কৰ হস্তক্ষেপ বিচাৰি মৃতদেহ চমজাই দিয়াৰ দাবী তোলে পৰিয়ালৰ লোকে ।
এইফালে,ভাতৃৰ ৰহস্যজনক মৃত্যুৰ খবৰ পোৱাৰ পিছতে কনিষ্ঠ ভাতৃ সুজিত বৰ্মনে কীটনাশক সেৱন কৰি আত্মহননৰ পথ বাছি লয় । সম্প্ৰতি বৰপেটা ফকৰুদ্দিন আলি আহমেদ মেডিকেল হস্পিতালৰ আই চি ইউত মৃত্যুৰে যুঁজি আছে কনিষ্ঠ ভাতৃ সুজিত বৰ্মন । অতি দৰিদ্ৰ পৰিয়ালৰ সুজন বৰ্মনে বাংগালোৰত কাম কৰি উপাৰ্জিত ধনেৰে আধৰুৱাকৈ নিৰ্মান কৰা ঘৰটো পূৰ্ণ কৰি সংহাৰিক জীৱন আৰম্ভ কৰাৰ সপোন দেখিছিল ।
আজি ঘৰটো আধৰুৱা হৈ ৰ’ল, মৃতদেহ পৰি থাকিল গুজৰাটৰ মৰ্গত । পিতৃ মাতৃ অবাক । পুত্ৰৰ চিকিৎসা চলি থকা বুলি সান্তনা লৈ পুৱাৰ পৰা খবৰ লবলৈ অহা আত্মীয় কুটুমৰ সৈতে অপেক্ষা দুই পুত্ৰলৈ ।
আনফালে আজি বাসগৃহত আহি পৰিয়ালৰ বুজ লয় বিটিআৰ বেংগলি ফেদাৰচনৰ যুৱ সমিতিৰ এটা দল । বাক্সা বিটিআৰ বেংগলি ফেদাৰচনৰ যুৱ সমিতিৰ সভাপতি প্ৰসেনজিৎ বৰ্মনে বাৰে বাৰে অসমৰ যুৱকৰ বহিঃৰাজ্যত হত্যা কৰা হৈছে । ইয়াৰ কোনো উচিত বিচাৰ নাই । সুজিত বৰ্মনৰ মৃত্যুৰ ৰহস্য উদঘাটন কৰিব লাগে বুলি ঘটনাৰ উচিত তদন্ত দাবী তুলি ।
লগতে পঢ়ক : Terrible Road Accident : শোকাৱহ দুৰ্ঘটনা ; নিহত দুজনকৈ লোক