Local, Vocal, Global

Man Elephant conflict : ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ জামুগুৰিহাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত

জামুগুৰিহাট, ৩০ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Jamugurihat )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যত হাতী-মানুহৰ সংঘাটে লৈছে ভয়ংকৰ ৰূপ। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা বন্যহস্তীৰ মুক্তি বিচৰণৰ ফলত মানুহৰ সৈতে হোৱা সংঘাটৰ ফলত বহু লোকৰ প্ৰাণহানি হৈছে।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ জামুগুৰিহাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত। জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ তাণ্ডৱ বৃদ্ধিয়ে অতীষ্ঠ কৰিছে সৰ্ব্বসাধাৰণ ৰাইজক ৷ বিগত কেইবা দিন ধৰি জামুগুৰিহাটৰ দক্ষিণ পশ্চিম প্ৰান্তত বন্যহস্তীয়ে চলাইছে ধাৰবাহিক উপদ্ৰৱ।আঞ্চলটোৰ বিভিন্ন স্থানত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে শুকুৰবাৰে নিশা কৰটিপাৰ গাঁৱতো সন্ত্ৰাস চলাই বন্যহস্তীৰ জাকে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে গাঁওখনৰ প্ৰভাত ওজা নামৰ কৃষক জনৰ পথাৰত থকা প্ৰায় ১৫/২০ কুইন্টলৰো অধিক গুটি ধান খোৱাৰ লগতে খেচিগুলি তহিলং কৰে।

শনিবাৰে পুৱাৰ ভাগতহে গৃহস্থই এইকথা গম পাই এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে । ধান বিক্ৰী কৰিয়েই পৰিয়াল পোহপাল দিয়া ব্যক্তিজনে এতিয়া নিজৰ সন্মুখত থকা বছৰটো কেনেকৈ পাৰ কৰিব এই লৈ চিন্তিতহৈ পৰিছে।বন বিভাগক এই সন্দৰ্ভত অভিযোগ কৰি বনৰীয়া হাতীৰ উপদ্ৰৱ বন্ধ কৰিবলৈ অনুৰোধ জনোৱাৰ পিছতো বনাঞ্চলিক বিষয়া আৰু বন কৰ্মী সকলে এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰা নাই বুলি অভিযোগ কৰিছে ভূক্তভোগী ৰাইজে ৷

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক :Two Thieves Arrested by Lamding police : লামডিঙত দুই গভাইত চোৰসহ জব্দ ৪৯টা চুৰি মোবাইল