Local, Vocal, Global

Election Officer Seeks Leave Citing Mental Harassment Allegations Against Senior IAS Officer : এগৰাকী নিৰ্বাচনী বিষয়াই সহিব পৰা নাই IAS বিষয়াৰ নিৰ্যাতন

নিউজ ডেস্ক, ২৮ ডিচেম্বৰ : ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এগৰাকী নিৰ্বাচনী বিষয়া, চক্ৰ বিষয়াই সহিব পৰা নাই IAS বিষয়াৰ নিৰ্যাতন। IAS বিষয়াৰ নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যাৰ প্ৰৱণতা! মুখ্যমন্ত্ৰী, প্ৰমোদ বড়ো আৰু মুখ্য নিৰ্বাচনী বিষয়ালৈ পত্ৰ প্ৰেৰণ মহিলা বিষয়াগৰাকীৰ। বিজনীৰ মহকুমাধিপতি IAS অভিষেক জৈনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ।

উল্লেখ্য যে, ৰাজ্যত এগৰাকী আই এ এছ বিষয়াৰ ধাৰাবাহিক মানসিক নির্যাতনৰ বাবেই এগৰাকী কনিষ্ঠ বিষয়াই অতিৰিক্তকৈ দহ দিনৰ ছুটী বিচাৰি আবেদন কৰাৰ ঘটনা পোহৰলৈ আহিছে। এক ঘটনাই জোকাৰি গৈছে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থা।

এই অনাকাংশিত ঘটনাটো সংঘটিত হৈছে বি টি আৰৰ চিৰাং জিলাৰ বিজনী মহকুমাত। বিজনীৰ মহকুমাধিপতি তথা ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া অভিষেক জৈনৰ বিৰুদ্ধে ধাৰাবাহিক মানসিক নির্যাতন আৰু লঘু-লাঞ্ছনা কৰি অহাৰ লগতে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি বিজনীৰ ৰাজহ চক্র বিষয়া দৰদী দেৱৰয়ে মানসিক চিকিৎসাৰ বাবেই দহ দিনৰ ছুটী বিচাৰি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াক আবেদন কৰাৰ তথ্য আমাৰ হাতত পৰিছে। বিষয়াগৰাকীয়ে মানসিক চিকিৎসা তথা থেৰাপিৰ বাবেই যোৱা ২২ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ অতিৰিক্ত দহ দিনৰ ছুটী বিচাৰি আবেদন জনাইছে আৰু বর্তমান ছুটীত থকা বুলিও জানিব পৰা গৈছে।

আনহাতে উক্ত পত্ৰখনৰ লগতে বিষয়াগৰাকীয়ে আই এ এছ বিষয়াগৰাকীৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ সন্নিৱিষ্ট কৰিছে। বি টি চিৰ মুখ্য কাৰ্যবাহী বিষয়া, কোকৰাঝাৰৰ অভিভাৱক মন্ত্রী, বিজনীৰ বিধায়ক, বি টি চিৰ কাৰ্যবাহী পাৰিষদ (ৰাজহ), বিটি চিৰ কাৰ্যবাহী পাৰিষদ (হস্ততাঁত আৰু বস্ত্রশিল্প), বি টি চিৰ প্রধান সচিব, বি টি চিৰ সচিব (ৰাজহ), চিৰাং জিলাৰ আয়ুক্ত আৰু চিৰাং জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰতো ৰাজহ চক্র বিষয়াগৰাকীয়ে অভিষেক জৈনৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি যোৱা ২২ ডিচেম্বৰত একোখনকৈ অভিযোগ পত্র দাখিল কৰিছে। প্রতিলিপি মুখ্যমন্ত্রী, বাজ্যৰ মুখ্য সচিবলৈও প্রেৰণ কৰিছে(Assam election officer seeks leave citing ‘suicidal tendencies’ due to alleged harassment from IAS official)।

অভিযোগ পত্ৰখনত উল্লেখ কৰা অনুসৰি ঘটনাৰ আৰম্ভণি হয় যোৱা ১৬ ডিচেম্বৰত। উক্ত দিনা মহকুমাধিপতি অভিষেক জৈনে ভূমি আবণ্টন সম্পর্কীয় বিষয় এটাক লৈ অসন্তুষ্ট হৈ পৰাত ৰাজহ চক্ৰ বিষয়া দৰদী দেৱৰয়ৰ সৈতে ফোনত যোগাযোগ কৰে আৰু ৰাজহ চক্র বিষয়াগৰাকীক কথা কোৱাৰ কোনো সুযোগ নিদিয়াকৈয়ে কক্ষ আৰু ভাবুকিভৰা কণ্ঠৰে কথা কৈ ফোন কাটি দিয়ে। ইয়াৰ পৰাই আৰম্ভ হয় সংঘাত।

ইয়াৰ পিছৰ দিনৰ পৰাই ৰাজহ চক্র বিষয়াগৰাকীক কাৰ্যালয়ৰ প্ৰায়ভাগ কাম- কাজৰ পৰা আঁতৰাবলৈ আৰম্ভ কৰে।

পত্ৰখনত উল্লেখ কৰা অনুসৰি ১৭ ডিচেম্বৰত মহকুমাধিপতি অভিষেক জৈনে ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাটমণ্ডল অভিৰাম দাস আৰু ছুপাৰভাইজৰ কাননগো ৰাজেন্দ্ৰ ৱাৰীক মাতি নি তেওঁৰ সৈতে বিজনীৰ নির্বাচনী বিষয়া আৰু ৰাজহ চক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলক লৈ এটা হোৱাটছএপ গ্রুপ খুলিবলৈ নির্দেশ দিয়ে(Election Officer Seeks Leave Citing Mental Harassment Allegations Against Senior IAS Officer)।

কিন্তু লক্ষণীয়ভাবে ৰাজহ চক্র বিষয়াগৰাকীক উক্ত গ্ৰুপত অন্তর্ভুক্ত নকৰিবলৈও একে সময়তে মহকুমাধিপতিগৰাকীয়ে নির্দেশ দিয়ে। সেইদিনাই বিজনী পৌৰসভাৰ সহকাৰী কনিষ্ঠ অভিযন্তা অমেন বায়নক একেই নির্দেশনাৰে মহকুমাধিপতিগৰাকীয়ে আন এটা হোৱাটছএপ গ্রুপ খুলিবলৈ নির্দেশ দিয়ে যদিও পূৰ্বৰ দৰেই পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ দায়িত্বত থকা দৰদী দেৱৰয়ক গ্ৰুপটোত অন্তর্ভুক্ত নকৰিবলৈ বিষয়াগৰাকীয়ে নির্দেশ দিয়ে।

আনহাতে ১৮ ডিচেম্বৰত মহকুমাধিপতি অভিষেক জৈনে লাটমণ্ডল অভিৰাম দাস, চন্দ্রকান্ত ৱাৰী, স্বর্জিলা নাৰ্জাৰী আৰু ছুপাৰভাইজৰ কাননগো ৰাজেন্দ্ৰ ৱাৰীৰ সৈতে এটা গুৰুত্বপূর্ণ বিষয়ক লৈ আলোচনাত মিলিত হয়। বৈঠকৰ মূল বিষয়বস্তুৱে আছিল ৰাজহ চক্র বিষয়া দৰদী দেৱৰয়ে দাখিল কৰা তথা স্বাক্ষৰ কৰা এখন প্রতিবেদন।

কিন্তু উক্ত আলোচনাত ৰাজহ চক্র বিষয়াগৰাকীকে আঁতৰাই ৰাখে। একেদৰে ১৯ ডিচেম্বৰত মুখ্যমন্ত্ৰীৰ বিজনী ভ্ৰমণৰ সময়তো জিলা আয়ুক্তই ৰাজহ চক্র বিষয়াগৰাকীৰ বাবে ইছ্যু কৰা ‘প্রক্সিমিটী কার্ড’খন বিজনীৰ নির্বাচনী বিষয়া আৰু সহকাৰী আয়ুক্তই ৰাজহ চক্র বিষয়াগৰাকীক জমা দিবলৈ নির্দেশ দিয়ে। ফলত বিষয়াগৰাকীয়ে বি টি চিৰ প্রধান সচিবে দিয়া দায়িত্ব পালন কৰিব নোৱৰাৰ অভিযোগ তুলিছে।

আই এ এছ বিষয়াগৰাকীৰ এনে আচৰণত বিষয়াগৰাকী মানসিকভাবে ভাগি পৰা বুলি উল্লেখ কৰিছে। অকল এয়াই নহয়, আই এ এছ বিষয়াগৰাকীয়ে ৰাজহ চক্র বিষয়াগৰাকীৰ ওপৰত ইচ্ছাকৃতভাবে অত্যধিক কামৰ বোজা তথা দায়িত্ব জাপি দিয়া বুলিও অভিযোগপত্ৰখনত উল্লেখ কৰা আছে। দৰদী দেৱৰয় বিজনীৰ ৰাজহ চক্র, পৌৰসভাৰ কার্যবাহী বিষয়া, তহচিলদাৰৰ উপৰি আৰু দুটাকৈ দায়িত্বত থকাৰ পিচতো ১৯ ডিচেম্বৰত এক নির্দেশনাযোগে মহকুমাধিপতিগৰাকীয়ে বিষয়াগৰাকীক বিপৰীত দিশত থকা দুখনকৈ আৰক্ষী থানাৰ দায়িত্বও অর্পণ কৰে। সেইদৰে ১১ ডিচেম্বৰৰ এক নির্দেশযোগে বিকশিত ভাৰত বিকাশ সংকল্প যাত্ৰাৰ বাবে বিষয়াগৰাকীক ছখন ভিচিডি চি পর্যবেক্ষণৰ দায়িত্ব দিয়া হৈছিল যদিও ২১ ডিচেম্বৰৰ আন এক নির্দেশযোগে বিষয়াগৰাকীক ১০ খন ভিচি ডি চিৰ দায়িত্ব দিয়া হয়।

ইয়াৰ বিপৰীতে কিন্তু আনসকল কার্যবাহী দণ্ডাধীশৰ দায়িত্ব হ্রাস কৰা হয়। তিনি পৃষ্ঠাৰ অভিযোগপত্ৰখনত ইয়াৰ উপৰি ৰাজহ চক্র বিষয়াগৰাকীয়ে আই এ এছ বিষয়াগৰাকীৰ বিৰুদ্ধে আৰু কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

আই এ এছ তথা মহকুমাধিপতি অভিষেক জৈনৰ এনে মানসিক নির্যাতন আৰু লঘু-লাঞ্ছনা তথা বৈষম্যমূলক আচৰণৰ বাবে ৰাজহ চক্র বিষয়াগৰাকী মানসিকভাৱে ভাগি পৰিছে। সেইদৰে কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ আগতো তেওঁক লঘু কৰাৰ লগতে কৰ্মচাৰীসকলৰ মাজতো দোমোজাৰ সৃষ্টি কৰা বুলি বিষয়াগৰাকীয়ে অভিযোগপত্রত উল্লেখ কৰিছে।

উল্লেখযোগ্য যে ২০১৫ চনত প্রশাসনিক সেৱাত যোগদান কৰা দৰদী দেৱৰয়ে কোকৰাঝাৰত দুবছৰ সহকাৰী নিয়োগ বিষয়া আৰু ছবছৰ ৰাজহ চক্র বিষয়া হিচাপে সেৱা আগবঢ়াইছে। কর্তব্য সুচাৰুৰূপে পালন কৰাৰ বাবেই তিনিবাৰকৈ প্রশংসা পত্রও লাভ কৰা বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰিছে।

কিন্তু সদ্যহতে অভিষেক জৈনৰ ব্যৱহাৰ আৰু অপৰিপক্ক সিদ্ধান্তৰ বাবেৰ বাবেই তেওঁ আত্মবিশ্বাসৰ অভাৱ তথা একাকীত্বত ভুগিছে। মানসিকভাবে ভাগি পৰিবলৈ ধৰা বিষয়াগৰাকীয়ে সেয়ে এইক্ষেত্রত হস্তক্ষেপ কৰিবলৈও সংশ্লিষ্ট বিষয়াসকলক অনুৰোধ জনাইছে।

এগৰাকী আই এ এছ বিষয়াৰ ধাৰাবাহিক মানসিক নির্যাতনৰ বাবেই এগৰাকী কনিষ্ঠ বিষয়াই মানসিক থেৰাপিৰ বাবেই ছুটী বিচাৰি আবেদন কৰা তথা শীর্ষ বিষয়াগৰাকীৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰা ঘটনাই বি টি চি প্রশাসনৰ লগতে বাজ্য প্রশাসনকো একপ্রকাৰ জোকাৰি যোৱা বুলি জানিব পৰা গৈছে।

কিন্তু সমগ্র বিষয়টো সংশ্লিষ্ট বিষয়াসকলে এতিয়ালৈকে গোপন কৰি ৰাখিছে। তথ্যসহ অভিযোগ দাখিলৰ পিচতো আই এ এছ বিষয়া হোৱাৰ সুবাদতেই মহকুমাধিপতি অভিষেক জৈন তদন্তৰ পৰা হাত সাৰিব নেকি বুলিও প্রশ্ন উত্থাপন হৈছে । সেয়ে সমগ্ৰ বিষয়টোৰ নিৰপেক্ষ তদন্তৰ দাবী উঠিছে ।

লগতে পঢ়ক : Two Thieves Arrested by Lamding police : লামডিঙত দুই গভাইত চোৰসহ জব্দ ৪৯টা চুৰি মোবাইল