Local, Vocal, Global

Two Thieves Arrested by Lamding police : লামডিঙত দুই গভাইত চোৰসহ জব্দ ৪৯টা চুৰি মোবাইল

নিউজ ডেস্ক, ২৮ ডিচেম্বৰ : লামডিং আৰক্ষীৰ হাতত তিনি বহি:ৰাজ্যৰ যুৱক, উদ্ধাৰ মোবাইল(Two Thieves Arrested by Lamding police) ।

বৃহস্পতিবাৰে পুৱাৰ ভাগত হোজাই আৰক্ষী অধীক্ষকৰ নেতৃত্বত লামডিং আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি লামডিঙত অভিযান চলাই । অভিযানত তিনিজনকৈ গভাইত চোৰক আটক কৰে আৰক্ষীয়ে । জানিব পৰা মতে তিনি যুৱক তিনিদিন ধৰি বহি:ৰাজ্যৰ ঝাৰখণ্ডৰ পৰা আহি লামডিংৰ এটা ভাড়াঘৰত ভাড়াতীয়া হিচাপে আছিল(49 Stolen Mobile Phones Found in Lumding, Two Thieves Arrested) ।

জানিব পৰা মতে, লামডিং আৰক্ষীৰ অভিযানত আৰক্ষীয়ে ভাড়া ঘৰটোৰ পৰা আটক কৰা যুৱক আটক কৰা যুৱক তিনিজন সুভম কুমাৰ মাহাত্ব আৰু চনুকুমাৰ নুনিয়া নামৰ দুজন যুৱকক আটক কৰাৰ লগতে এটি কিশোৰকো চোৰৰ গেঙটোৰ লগত আটক কৰে যদিও কিশোৰ হোৱা হেতুকে বৰ্তমান এৰি দিয়ে।

উল্লেখ্য যে, আৰক্ষীয়ে গেঙটোৰ পৰা ৪৯ টাকৈ দামী মোবাইল ফোন জব্দ কৰে। জব্দ কৰা মোবাইল ফোন কেইটাৰ চোৰ বজাৰৰ মূল্য ডেৰ লাখ টকা হ’ব বুলি জানিব দিয়ে আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই। বৰ্তমান ঘটনা সন্দৰ্ভত লামডিং আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে যদিও এই ঘটনাত বহি:ৰাজ্যৰ লগতে অসমতো মোবাইল চোৰৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তোলাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : Israel Embassy Blast: বৃদ্ধি কৰা হৈছে দিল্লীৰ ইজৰাইলী দূতাবাসৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা; মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক অৰ্ধসামৰিক বাহিনী