Local, Vocal, Global

Sensational Murder : লোমহৰ্ষক হত্যাকাণ্ড, নিজ বাসগৃহত উদ্ধাৰ কিশোৰীৰ মৃতদেহ

নেশ্যনেল ডেস্ক, ২৮ডিচেম্বৰ : গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত সংঘটিত হৈছিল এক লোমহৰ্ষক ঘটনা। নিজ বাসগৃহতে ৰহস্যজনক ভাৱে উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ লগতে সংকটজনক অৱস্থাত উদ্ধাৰ হৈছিল পিতৃ । বুধবাৰে বিয়লি সংঘটিত হৈছিল এই ঘটনাটোৰ ।

জানিব পৰা মতে, কোনো দুৰ্বৃত্তই পিতৃ-কন্যাক আক্ৰমণ কৰিছিল আৰু আক্ৰমণত বনজিৎ দাসৰ কন্যা দিদিক্ষা দাসৰ মৃত্যু হৈছিল । কিশোৰীগৰাকীৰ মৃতদেহৰ কাষতে সংকটজনক অৱস্থাত পিতৃক উদ্ধাৰ কৰা হৈছে। পিতৃ বনজিৎ দাসক সংকটজনক অৱস্থাত বৰাগাঁৱৰ Apollo excel care হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাই বৰ্তমান সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, বুধবাৰৰ দিনৰ ভাগত দিদীক্ষাৰ মাতৃ নগাঁৱৰ সম্পৰ্কীয়ৰ ঘৰলৈ গৈছিল। ইয়াৰ পাছত বিয়লি প্ৰায় ৪ মান বজাত দিদীক্ষাৰ মাতৃয়ে ঘৰলৈ ফোন কৰিছিল যদিও কোনেও সহাৰি দিয়া নাছিল দিদীক্ষাই । কেইবাবাৰো ফোন কৰি মাতৃ বিফল হোৱাত তেওঁ স্থানীয় লোকক ফোন কৰি ঘৰত স্বামী, কন্যা আছে নে নাই বা ক’ৰবালৈ ওলাই গৈছে নেকি সেই বিষয়ে চাবলৈ দিয়ে। তাৰ পাছতে স্থানীয় লোকে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি দেখে নাবালিক ছোৱালীগৰাকী বিচনাত পৰি আছে আৰু মুখেৰে ফেন ওলাই আছে।সমান্তৰালকৈ বনজিৎ দাসো ঘৰৰ ডাইনিং টেবুলত পৰি আছে। ইয়াৰ পাছতে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও দিদীক্ষা দাসৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে(Sensational Murder in Boragaon Guwahati)।

মৃত দিদিক্ষা দাস সপ্তম শ্ৰেণীত পঢ়ি আছিল। বুধবাৰে দুপৰীয়া এই ঘটনাটো সংঘটিত হৈছিল। কিন্তু মাতৃৰ অনুপস্থিতত এই ঘটনা সংঘটিত হয়। ইফালে আজি বনজিৎ দাসৰ জি এম চি এইছত মৃত্যুক আকোৱালি লয়(Boragaon Incident Banjit Das Pasess Away) ।

বৰ্তমান সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত । কিয়নো পিতৃয়ে কিশোৰীক হত্যা কৰি বিহপান কৰাৰো সন্দেহ কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও কোনো মন্তব্য কৰা নাই। বৰ্তমানলৈ সমগ্ৰ ঘটনা কোনে সংঘটিত কৰিলে, কিয় কৰিলে তাৰ কোনো তথ্য পোহৰলৈ অহা নাই।

লগতে পঢ়ক :Delhi Weather : ৰাজধানী চহৰ দিল্লীত প্ৰচণ্ড কুঁৱলী; বিলম্বন ২৫খনকৈ ৰে’লৰ চলাচল