Rahul Gandhi Meets Wrestlers in Haryana : বুধবাৰে পুৱা হাৰিয়ানাৰ বীৰেন্দ্ৰ আৰ্য আখাড়াত উপস্থিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী
নেশ্যনেল ডেস্ক, ২৭ ডিচেম্বৰ : হাৰিয়ানাত উপস্থিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী । বুধবাৰে পুৱা হাৰিয়ানাৰ ঝাজ্জৰ জিলাৰ ছাৰা গাঁৱৰ বীৰেন্দ্ৰ আৰ্য আখাড়াত উপস্থিত হয় কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী(Rahul Gandhi Meets Wrestlers in Haryana) ।
জানিব পৰা মতে, হাৰিয়ানাৰ ঝাজ্জৰ জিলাত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে অলিম্পিয়ান বজৰং পুনিয়াকে ধৰি মল্লযোদ্ধাসকলৰ সৈতে বাৰ্তালাপ কৰে । কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে আখাড়াত মল্লযোদ্ধা আৰু প্ৰশিক্ষক বীৰেন্দ্ৰ আৰ্যৰ সৈতেও বাৰ্তালাপ কৰে (Congress MP Rahul Gandhi visits Virender Arya Akhara in Jhajjar) ।
ইফালে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ ঝাজ্জৰ ভ্ৰমণৰ পিছত মল্লযোদ্ধা বজৰং পুনিয়াই কয় যে ৰাহুল গান্ধীয়ে তেওঁলোকৰ কুস্তিৰ ৰুটিন চাবলৈ আহিছিল । “তেওঁ আমাৰ কুস্তিৰ ৰুটিন চাবলৈ আহিছিল । তেওঁ মল্লযুদ্ধ কৰিছিল । তেওঁ এগৰাকী মল্লযোদ্ধাৰ দৈনন্দিন কাৰ্যকলাপ চাবলৈ আহিছিল ।”
আনহাতে, বজৰঙৰ প্ৰশিক্ষক বীৰেন্দ্ৰ আৰ্যই কয় যে কংগ্ৰেছৰ সাংসদগৰাকীৰ হাৰিয়ানাৰ ঝাজ্জৰ ভ্ৰমণ আকস্মিক আছিল । “সাংসদগৰাকীৰ এই ভ্ৰমণ কোনেও আমাক কোৱা নাছিল যে তেওঁ আহি আছে । আমি ইয়াতে অনুশীলন কৰি থকাৰ সময়তে তেওঁ হঠাতে আহি ওলায় । সাংসদগৰাকী বুধবাৰে পুৱা প্ৰায় ৬.১৫ বজাত উপস্থিত হয় আৰু আমাৰ সৈতে ব্যায়াম কৰে । তাৰ পিছত তেওঁ আমাক তেওঁৰ ব্যায়াম আৰু খেলৰ বিষয়ে কয় । ক্ৰীড়া সম্পৰ্কে তেওঁৰ যথেষ্ট জ্ঞান আছে(Congress MP Rahul Gandhi visits Virender Arya Akhara in Jhajjar interacts with Bajrang Punia and other wrestlers) ।