Earthquake in Assam : বিশ্বনাথত ৩.৪ প্ৰাৱল্যৰ ভূমিকম্প
নিউজ ডেস্ক, ২৭ ডিচেম্বৰ : অসমত ভূমিকম্পৰ জোকাৰণি । বুধবাৰে পুৱা অসমৰ বিশ্বনাথত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । এই ভূমিকম্পৰ মৃদু প্ৰভাৱ ৰাজ্যখনৰ কেবাখনো জিলাত অনুভূত(Earthquake in Assam) ।
গুৱাহাটীৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, বুধবাৰে পুৱা ৫.৫৫ বজাত বিশ্বনাথ জিলাৰ ২০ কিলোমিটাৰ গভীৰতাত উৎপত্তি হোৱা এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৩. ৪। জানিবলৈ পৰা মতে বৰ্তমানলৈকে এই জোকাৰণিৰ ফলত কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই(Earthquake of 3.4 Magnitude Hits Vishwanath Today Morning) ৷
ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, মাত্ৰ ২০ কিলোমিটাৰ গভীৰতা অগভীৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় যদিও ভূমিকম্পৰ কেন্দ্ৰৰ ওচৰৰ একাংশ বাসিন্দাই এই কম্পন অনুভৱ কৰিছিল(3.4 magnitude quake hits in Tezpur)।
ভূমিকম্পৰ নিকটতম বৃহত্তৰ চহৰ তেজপুৰ ভূমিকম্পৰ কেন্দ্ৰৰ পৰা পশ্চিমে ৪২ কিলোমিটাৰ দূৰত্বত অৱস্থিত। তাত মানুহে সম্ভৱতঃ অতি দুৰ্বল জোকাৰণিৰ অভিজ্ঞতা লাভ কৰিছিল। তেজপুৰৰ উপৰিও বোকাখাত, গহপুৰ, নুমলীগড়, ৰঙাপাৰা, নাহৰলগুন, ঢেকীয়াজুলি, দেৰগাওঁ, গোলাঘাট, বিহপুৰীয়াগাওঁ, ধিং আৰু বৰপথাৰত অতি দুৰ্বল কম্পন অনুভৱ কৰা হৈছিল।