Road Accident : জুবিনৰ সংগীতানুষ্ঠানৰ মাজতেই পথ দুৰ্ঘটনাত ৫ জনকৈ যুৱক নিহত
নিউজ ডেস্ক, ২৭ ডিচেম্বৰ : শোকাৱহ পথ দুৰ্ঘটনা । মৃত্যু ৫জনকৈ লোকৰ(Road Accident ) ।
একেখন জিলাতে মঙলবাৰে নিশা সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা ।ফলত শোকৰ ছাঁ পৰিছে চৌদিশে ।
শোণিতপুৰ বালিপৰাত সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা(Road Accident in Sonitpur) ।
উল্লেখ্য যে,মঙলবাৰে নিশা বালিপাৰা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান চলিছিল। জুবিনৰ সংগীতানুষ্ঠান চাই ওভতাৰ পথত বালিপাৰাৰ বিভিন্ন প্ৰান্তত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । মঙলবাৰে নিশা বালিপৰাৰ কেইবা ঠাইত সংঘটিত হোৱা পৃথক পৃথক পথ দুৰ্ঘটনাত ৫ জনকৈ যুৱক নিহত হয়(5 killed in road accident in Sonitpur)।
জানিব পৰা মতে,পথ দুৰ্ঘটনাত নিহত লোকসকলৰ ক্ৰমে কাচেম আলি, ৰজ ইছলাম, বিপুল দাস, দেৱজিৎ বসুমতাৰী আৰু চৰফুং বসুমতাৰী।
লগতে পঢ়ক :Rhino menace in kaziranga : কাজিৰঙাৰ জনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণ