Local, Vocal, Global

Daily Horoscope for 27th December : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। আৰ্থিক ভাৱে আজি আপুনি বহুত সুখ পাব আৰু ফলস্বৰূপে আপোনাৰ আগৰ ধাৰৰ পৰা নিজকে মুক্ত কৰিব পৰিব। আত্মীয়জনৰ ঘৰত যাওতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। আজি আপুনি আপোনাৰ প্ৰিয়জনাক টোফী আৰু চকলেট ইত্যাদি দিব পাৰে। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়ম বোৰৰ ব্যৱহাৰ কৰক যিবোৰ আপুনি আগতীয়াকৈ ভাৱি থৈ দিছে। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ চাদত বা ওচৰৰ পাৰ্কত খোজ কাঢ়ি ফুৰাটো পছন্দ কৰিব(Daily Horoscope)।

বৃষ ৰাশি : সৃজনশীল কামে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। আজি আপোনাৰ ভণ্টী বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। সকলোকে আপোনাৰ আয়োজিত পাৰ্টীত নিমন্ত্ৰণ দিয়ক ,কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে ,যি আপোনাক পাৰ্টী অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। আজি আপোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। প্ৰফেশ্বনাল দিশত আপোনাৰ দিন আজি ধনাত্মক ভাৱে অতিবাহিত হব ,ইয়াৰ আজি ভালকৈ ব্যৱহাৰ উঠাওক।

মিথুন ৰাশি : আজি খেল ধূলাত অংশগ্ৰহণ কৰাটো জৰুৰী । কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। ব্যক্তিগত সম্বন্ধ বহুত সংবেদনশীল আৰু কোমনীয় হয়। ব্যস্ত দিনযোৰাৰ পিছত যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিছে তেন্তে এই সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক। আজি আপোনাৰ অনিচ্ছা সত্বেও আপোনাৰ জীৱন সংগী আপোনাক বাহিৰলৈ ফুৰিব যাবৰ বাবে জোৰ কৰিব পাৰে ,তেনেকৈ ওলাই গ’লে আপোনাৰ মন এনেও ভাল নাথাকিব।

কৰ্কট ৰাশি : আপোনাৰ ইচ্ছা শক্তি উৎসাহিত হব কাৰণ আপুনি বহুত জটিল অৱস্থাৰ পৰা বাহিৰ হ’বলৈ সক্ষম হ’ব। ভাবুক নিৰ্ণয় লোৱাৰ সময়ত নিজৰ যুক্তিসংগতা এৰি নিদিব। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগ বাঢ়িব । যিবোৰ সম্বন্ধক আপুনি গুৰুত্ব প্ৰদান কৰে সেইবোৰ সম্বন্ধক সময় দিয়াও শিকিব লাগে নহ’লে সম্বন্ধ ভাঙিব পাৰে। কোনোবা ধুনীয়া স্মৃতিৰ কাৰণে আপুনি আৰু আপোনাৰ জীৱন সংগীৰ মাজত থকা বিবাদ সমাপ্ত হব পাৰে, এইবাবে বাদ-বিবাদ হোৱা সময়ত পূৰণা দিনৰ স্মৃতি সতেজ কৰিবলৈ নাপাহৰিব।

সিংহ ৰাশি : আপুনি যেতিয়া পৰিস্থিতিক নিজৰ নিয়ন্ত্ৰণত আনিব তেতিয়াই আপোনাৰ হতাশা সমূহ একেবাৰে নোহোৱা হৈ পৰিব। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘুৰাই নিদিয়ে। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক । আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়, যাতে আপোনালোক এজনে আনজনক ভালকৈ বুজি পায়। এইখিনি সময় বেলেগ দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল সময়। জীৱনসংগীৰ লগত সময় কটাই থকা অৱস্থাত আপোনালোকৰ পুৰণা কথালৈ আকৌ দুয়োজনৰ মাজত কাজিয়া হব পাৰে। জীৱন সংগী ৰ যিকোনো কথাত গুৰুত্ব প্ৰদান নকৰিলে বহুত বিবাদৰ সৃষ্টি হব পাৰে।

কন্যা ৰাশি : মনখুলি হাঁহক কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে । যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ পোছ কৰি লোৱা ভাল হব।আজি আপুনি মানসিক অশান্তি পাব পাৰে। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোতেই যাব ,ইয়াৰ মানে হল আপুনি প্ৰেমত বাৰুকৈয়ে পাগল ! বৰিষ্ঠ ব্যৱসায়ীৰ বাবে আজি এক ভাল দিন। আজিৰ দিনটোৰ অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোতে শেষ হব । সম্পৰ্ক স্বৰ্গত নিৰ্ধাৰণ হয় আৰু আপোনাৰ জীৱন সংগী আজি এই কথা প্ৰমাণ কৰিব।

তুলা ৰাশি : বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জল হ’ব। বিবাহিত দম্পতী সকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হব পাৰে। আত্মীয়ৰ পৰা সহযোগ লাভ কৰক আৰু মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ লাভ কৰক। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। কাম -কাজৰ দিশত আপুনি কৰা পৰিশ্ৰম আজি সফল হব। আজি বতৰ বহুত ভাল হোৱা বাবে আপোনাৰ বিচনা এৰিব মন নাযাব। বিচনাৰ পৰা উঠাৰ পিছত অনুভৱ হব যে আপুনি কিমান সময় বৰবাদ কৰিলে। আপোনাৰ বৈবাহিক জীৱন ইয়াতকৈ অধিক ৰঙীণ কেতিয়াও নাছিল।

বৃশ্চিক ৰাশি : আজি আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। আপোনাৰ ধাৰণাৰ ফলত লাভ হব পাৰে। পাৰিবাৰিক অথবা সাংসাৰিক দায়িত্ব আপোনাৰ বৃদ্ধি পাব ,যি আপোনাক মানসিক ভাৱে হতাশ কৰি তুলিব পাৰে। আপোনাৰ প্ৰিয়জনৰ ওচৰৰ পৰা দূৰ হোৱা স্বত্তেও আপুনি তেখেতৰ উপস্থিতি অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰতিদ্বন্দী আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে, এইবাবে আজি আপুনি সচেতন হৈ কাম কৰা দৰকাৰ। যদি আপুনি নিজৰ জীৱন সংগীৰ পৰা মৰম-স্নেহৰ আশা কৰি আছে,তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হব পাৰে।

ধনু ৰাশি : আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন লবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটাৰ চুৰি হোৱা বাবে আপোনাৰ মন বেয়া হৈ যাব। যিকোনো ধাৰ্মিক স্থানত গ’লে আপুনি সাধু-সন্তক লগ পালে আপোনাৰ মন্ত শান্তি আৰু সন্তুষ্টি লাভ কৰিব। নিজৰ প্ৰিয়জনৰ পূৰণি কথা বোৰৰ বাবে ক্ষমা কৰি দিয়ক ,যি আপোনাৰ জীৱন ভাল কৰাত অৰিহনা যোগাব। নিজৰ মনত নিয়ন্ত্ৰণ কৰা শিকক কিয়নো বহু সময়ত আপোনাৰ মনৰ শুনি আপুনি নিজৰ মূল্যৱান সময় নষ্ট কৰি দিয়ে। আপুনিও আজি এনেকুৱা কিবা কৰিব পাৰে। আজি দিনটো আপোনাৰ আৰু জীৱন সংগীৰ মাজত আত্মীয়তা পূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়।

মকৰ ৰাশি : আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলোকো সুখী কৰি তুলিব। প্ৰিয়জনৰ পৰা লাভ কৰা যিকোনো ভাল খবৰ অথবা বাৰ্তাই আপোনাৰ উৎসাহ দুগুণ কৰিব পাৰে। আজি লোকচান হব পাৰে। অৱশ্যে ভয় খোৱাৰ দৰকাৰ নাই যদি কষ্ট ঠিক দিশত আছে তেন্তে ভাল ফল এদিন নিশ্চয় পাব। যিকোনো পৰিস্থিতিত আপুনি সময়ত ধ্যান দিব লাগে । এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন ,আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব।

কুম্ভ ৰাশি : উচ্চ কেলৰি যুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্য সন্মত হৈ থাকিব আৰু আপুনি অধিক ধাৰ্মিক ভাৱে থাকিব পাৰিব । আপোনাাৰ সন্তান ভৱিষ্যতৰ ওপৰত বেছি গুৰুত্ব নিদি বাহিৰা কাম কাজত অধিক লিপ্ত হোৱা বাবে আপুনি নিৰাশ হৈ পৰিব। আজি গছ ৰোপন কৰক। আপোনাৰ অন্তৰ্নিহিত শক্তিৰ আপোনাক সমানেই সহযোগ কৰিব আজি অফিচত আপোনাৰ দিন ভাল কৰিবৰ বাবে। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয় সমূহত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। মন-মগজু বেয়া হোৱা বাবে আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগী আপোনাক বিনা কাৰণত অশান্তি প্ৰদান কৰি আছে।

মীন ৰাশি : আপুনি নিজৰ অতিৰিক্ত সময়খিনি নিজস্ব ইচ্চাসমূহ পূৰণ কৰাত অথবা সেই কামবোৰ কৰাত ব্যতিত কৰিব লাগে,যিবোৰ কৰিলে আপুনি বহুত সুখী অনুভৱ কৰে। বাকীদিনৰ তুলনাত আজিৰ দিনটো আৰ্থিক ভাৱে আপোনাৰ বাবে ভাল বুলি পৰিগণিত হব আৰু আপোনাক পৰ্যাপ্ত পৰিমাণৰ ধনৰ প্ৰাপ্তি হব। আপোনাক সুখী ৰাখিবৰ বাবে আপোনাৰ সন্তান যিকোনো কাম কৰিব পাৰে। আজি আপুনি আপোনাৰ জীৱনসংগীক চাৰপ্ৰাইজ দিব পাৰে , আপোনাৰ সকলো কাম এৰি আজি আপুনি তেখেতৰ লগত সময় অতিবাহিত কৰিব পাৰে। বৈবাহিক জীৱনৰ উজ্বল দিনবোৰ মনত কৰাৰ তথা অনুভৱ কৰাৰ বাবে আজি ভাল দিন।