Burmese Supari Seized in Cachar : কাছাৰত জব্দ বুজন পৰিমাণ বাৰ্মিজ চুপাৰি
নিউজ ডেস্ক, ২৬ ডিচেম্বৰ : তেল টেংকৰৰ ভিতৰৰ পৰা তেলৰ পৰিবৰ্তে উলাইছে দমে দমে চোৰাং চুপাৰি ৷ গেছ কাটাৰেৰে টেংকৰ দুখন কাটি আৰক্ষীয়ে ভিতৰৰ পৰা বাহিৰ কৰিছে চোৰাং চুপাৰি । চোৰাং সৰবৰাহকাৰী সকলৰ এই পুষ্পা ষ্টাইল দেখি আৰক্ষীও হতচকিত(Burmese Supari Seized in Cacha) ৷
ৰাজ্য চৰকাৰে যিমানে কয়লা, চুপাৰি চিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ হোৱাৰ কথা ঘোষণা কৰিছে সিমানে ৰাজ্যত সৰবৰাহ হৈ আছে বাৰ্মিজ চুপাৰি ৷ ইফালে ৰাজ্যত আৰক্ষীয়ে চলাই আছে অভিযান । ৰাজ্যৰ অন্ত প্ৰান্তৰ সমান্তৰালকৈ চলাই আছে অভিযান । অভিযানত কাছাৰ আৰক্ষীয়ে ট্ৰাকে ট্ৰাকে জব্দ কৰিছে বাৰ্মিজ চুপাৰী ৷
কাছাৰত পুনৰ জব্দ বুজন পৰিমাণ বাৰ্মিজ চুপাৰি(Tanker with Burmese Supari Seized in Cachar) ।
এইবাৰ কাছাৰত পুষ্পা ষ্টাইলেৰে বাৰ্মিজ চুপাৰি সৰবৰাহ । পুষ্পা চিনেমাৰ ফৰ্মূলাৰে এতিয়া কাছাৰত তেলৰ টেংকৰত চলিছে বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহ ৷ পুষ্পা চিনেমাত যিদৰে তেল টেংকৰত ভৰাই ৰঙা চন্দন কাঠ সৰবৰাহ কৰা হৈছিল ঠিক একেই পন্থা অৱলম্বন কৰিছে এতিয়া অসমৰ বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহকাৰীৰ ৷ পুষ্পা ষ্টাইলেৰে বাৰ্মিজ চুপাৰি সৰবৰাহ কৰিবলৈ গৈ আৰক্ষীৰ হাতত সৰবৰাহকাৰী ।
এইবাৰ তেলৰ টেংকৰ গাড়ীত সৰবৰাহ চুপাৰি। গেছ কাটাৰ দি তেল টেংকাৰ কাটি আৰক্ষীয়ে উদ্ধাৰ কৰিলে বুজন পৰিমাণৰ অবৈধ বাৰ্মিজ চুপাৰি ৷
উল্লেখ্য যে, যোৱা কেইমাহ পূৰ্বে কাছাৰত কেইবাখনো বাৰ্মিজ চুপাৰি ভৰ্তি তেল টেংকৰ জব্দ হোৱাৰ পাছত পুনৰ তেল টেংকৰত বাৰ্মিজ চুপাৰি সৰবৰাহৰ সময়ত কাছাৰৰ লক্ষীপুৰত বাৰ্মিজ চুপাৰি ভৰ্তি দুখন তেল টেংকৰ জব্দ কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ চকুত ধূলি দিয়ে নিতৌ ন ন প্ৰন্ত অৱলম্বন কৰি সৰবৰাহকাৰীয়ে সৰবহাৰ কৰি আছে চুপাৰি ।
জানিব পৰা মতে, এইবাৰ সৰবৰাহকাৰীয়ে সলনি কৰিছে পথ ৷ পূৰ্বেতে সৰবৰাহকাৰীয়ে মিজোৰাম পৰা কাছাৰ হৈ সৰবৰাহ কৰিছিল বাৰ্মিজ চুপাৰি ৷ কিন্তু এইবাৰ মিজোৰাম নহয় মায়ানমাৰৰ পৰা প্ৰথমে মণিপুৰ আৰু ইয়াৰ পাছত মণিপুৰ পৰা অসম হৈ বহিৰাজ্যত সৰবৰাহ কৰা হৈছে বাৰ্মিজ চুপাৰি(Burmese Supari Seized in Cachar) ৷
এইবাৰ মণিপুৰ হৈ কাছাৰৰ মাজেদি পুষ্পা ষ্টাইল অৱলম্বন কৰি তেল টেংকাৰেৰে বাৰ্মিজ চুপাৰি সৰবৰাহৰ সময়ত অসম মণিপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লক্ষীপুৰ ফুলেৰতলৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে দুখন চুপাৰি ভৰ্তি তেলৰ টেংকৰ। ভাৰত পেট্ৰোলিয়ামৰ এই তেল টেংকৰ দুখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বুজন পৰিমাণৰ অবৈধ বাৰ্মিজ চুপাৰি । অৱশ্যে আৰক্ষীৰ উমান পাই তেল টেংকাৰ দুখন এৰি পলায়ন কৰে সৰবৰাহকাৰী সকলে ।
লগতে পঢ়ক : Bus Accident : শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ১জন আহত কেইবাগৰাকী শিক্ষাৰ্থী