Local, Vocal, Global

Veer Lachit Sena Leader Attacked in Jorhat : পুনৰ অপৰাধজনিত ঘটনাই কপাঁই গৈছে যোৰহাট চহৰ

যোৰহাট,২৬ ডিচেম্বৰ : যোৰহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । পুনৰ অপৰাধজনিত ঘটনাই কপাঁই গৈছে যোৰহাট চহৰ। বীৰ লাচিত সেনা অসমৰ যোৰহাট আঞ্চলিক সমিতিৰ সচিবক আক্ৰমণ কৰে ।

সোমবাৰে নিশা সংঘটিত হৈছে এই ঘটনাটো । সোমবাৰে নিশা বীৰ লাচিত সেনা অসমৰ যোৰহাট আঞ্চলিক সমিতিৰ সচিব ডিম্পল দাসক যোৰহাট চহৰৰ মাজমজিয়াৰ জেইল ৰোডত কোনো লোকে আক্ৰমণ কৰে । আক্ৰমণত গুৰুতৰভাৱে আহত হয় ডিম্পল দাস(Veer Lachit Sena Leader Attacked in Jorhat)‌।

ঘটনা বিৱৰণি অনুসৰি, সোমবাৰে নিশাৰভাগত বীৰ লাচিত সেনা অসমৰ যোৰহাট আঞ্চলিক সমিতিৰ সচিব ডিম্পল দাসে মাংস ক্ৰয় কৰাৰ বাবে জেইল ৰোডৰ এখন দোকানত প্ৰৱেশ কৰিছিল । মাংস ক্ৰয় কৰা পিছতে অনলাইন লেনদেনক লৈ দুয়োপক্ষৰ মাজত তৰ্কাতকি আৰম্ভ হৈছিল । তৰ্কাতকিৰ মাজতে কোনো কাৰণ নোহোৱাকৈ মাংস দোকানৰ আশে পাশে থকা লোকে ডিম্পল দাসক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে ।

দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় জিলা সমিতি সচিব ডিম্পল দাস । আহত ডিম্পল দাসক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালত ভৰ্তি কৰোৱা হয় । এই ঘটনা লগত জড়িত থকা সন্দেহত দুজনক আটক কৰা হৈছিল যদিও নিশাই আৰক্ষীয়ে দুয়োকে মুকলি কৰি দিয়ে বুলি জানিব পৰা গৈছে(Veer Lachit Sena Leader Attacked by Miscreants in Jorhat) ।

জানিব পৰা মতে, দুৰ্বৃত্তৰ আক্ৰমণত ডিম্পল দাসে বুকু, হাত আৰু ভৰিত আঘাত পাই ।

এই ঘটনাৰ পিছতে একেমুখে সকলোৱে গৰিহণা দিয়াৰ লগতে উক্ত ঘটনাৰ লগত জড়িত থকা সকলক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক : Indian Navy Deploys 3 Warships in Arabian Sea : আৰব সাগৰত ভাৰতে মোতায়েন তিনিখন যুদ্ধজাহাজ