Plane Stuck in France with Mostly Indians on Board Lands : বিমান মুম্বাইত উপস্থিত ফ্ৰান্সৰ ভাট্ৰি বিমানবন্দৰত আবদ্ধ হৈ থকা নিকাৰাগুয়া অভিমুখী বিমান
নিউজ ডেস্ক, ২৬ ডিচেম্বৰ : অৱশেষত তিনিদিনৰ পিছত ফ্ৰান্সৰ ভাট্ৰি বিমানবন্দৰত আবদ্ধ হৈ থকা নিকাৰাগুয়া অভিমুখী বিমান মুম্বাইত উপস্থিত হয় (Plane Stuck in France with Mostly Indians on Board Lands) ৷
জানিব পৰা মতে, মঙলবাৰে পুৱা প্ৰায় ৪ মান বজাত মুম্বাইত অৱতৰণ কৰে বিমানখন(Plane stuck in France with mostly Indians on-board lands in Mumbai) ৷
উল্লেখ্য যে, মানৱ সৰবৰাহ কৰাৰ সন্দেহত ফ্ৰান্সৰ পেৰিছৰ সমীপৰ এটা বিমান বন্দৰত আৱদ্ধ কৰি ৰাখিছিল নিকাৰাগুয়া অভিমুখী এখন বিমান । বিমানখনত আছিল ৩০৩ জন যাত্ৰী ৷ বিমানখনৰ যাত্ৰীসকলৰ ভিতৰত বেছিভাগে আছিল ভাৰতীয় ৷ ৰোমানিয়ান চাৰ্টাৰ কোম্পানী লেজেণ্ড এয়াৰলাইনছৰ দ্বাৰা পৰিচালিত বিমানখন বৃহস্পতিবাৰে ডুবাইৰ পৰা উৰা মাৰিছিল নিকাৰাগুয়ালৈ ৷ কিন্তু কিছু কাৰিকৰী অসুবিধাৰ বাবে ফ্ৰান্সৰ ভাট্ৰি বিমান বন্দৰত অৱতৰণ কৰিছিল বিমানখন ৷ তেতিয়াই ফৰাচী আৰক্ষীয়ে হস্তক্ষেপ কৰিছিল । কিয়নো সন্দেহজনক মানৱ সৰবৰাহৰ সন্দেহ ওপজিছিল বিমান কৰ্তৃপক্ষৰ(Plane held in France over human trafficking fear lands in Mumbai ) ৷
মঙলবাৰে এয়াৰবাছ A340 নামৰ বিমানখন ফ্ৰান্সৰ পৰা মুম্বাইত অৱতৰণ কৰাৰ পাছতে মুম্বাইৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, বৰ্তমান বিমানখনত ২৭৬ জন যাত্ৰী আছে ৷ এই সন্দৰ্ভত ফৰাচী কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে , মুম্বাইলৈ উৰা মৰাৰ সময়ত বিমানখনত ২৭৬ জন যাত্ৰী আছিল ৷ কিয়নো দুজন নাবালকসহ ২৫ জন ব্যক্তিয়ে আশ্ৰয়ৰ বাবে আবেদন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল আৰু বৰ্তমানেও তেওঁলোক ফ্ৰান্সতে আছে ৷
উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত আশ্ৰয় বিচৰাসকলৰ বাবে নিকাৰাগুয়া এখন জনপ্ৰিয় গন্তব্য স্থান হৈ পৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাষ্টমছ আৰু বৰ্ডাৰ পেট্ৰ’লৰ দ্বাৰা উপলব্ধ তথ্য অনুসৰি, ২০২৩ বৰ্ষত প্ৰায় ৯৬,৯১৭ জন ভাৰতীয়ই অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল ৷ যি পূৰ্বৰ বছৰৰ তুলনাত ৫১.৬১ শতাংশ বৃদ্ধি পাইছে ৷চি বি পিৰ তথ্য অনুসৰি, সেই ভাৰতীয়সকলৰ কমেও ৪১,৭৭০ জনে মেক্সিকোৰ মাজেৰে আমেৰিকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল(Plane grounded in France over human trafficking lands in Mumbai) ।