Local, Vocal, Global

Father Killed 25 Year Old Son : এগৰাকী পিতৃৰ পাশৱিকতা ! পুত্ৰক দাৰে ঘপিয়াই হত্য়া কৰিলে পিতৃয়ে

নিউজ ডেস্ক, ২৫ ডিচেম্বৰ : প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত পিতৃ- মাতৃৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।পিতৃ মাতৃয়ে এটি সন্তানক পৃথিৱীলৈ অনাই নহয় সন্তানটিক শিক্ষক আৰু বন্ধু হৈ বহু কথাৰে জ্ঞান দিয়ে।পিতৃ- মাতৃৰ ওচৰত সকলো সন্তানে নিৰাপত্তা অনুভৱ কৰে। পিতৃ মাতৃৰ ধাৰ কোনো কালেই পৰিশোধ কৰিব নোৱাৰে কোনোয়ে(Father Killed 25 Year Old Son)।

প্ৰত্যেকজন শিশুৰ জীৱনত পিতৃৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । পিতৃয়ে এটি সন্তানত সকলো বিপদৰ পৰা ৰক্ষা কৰে । কিন্তু সেয় পিতৃৰ বুকুত যেতিয়া দানৱীয় সত্বাই থিতাপি লয় তেতিয়াই সন্তানত কোনে নিৰাপত্তা দিব।

এগৰাকী পিতৃৰ পাশৱিকতা ! এক অমানৱীয় কাণ্ড সংঘটিত হৈছে চতিয়াত । চতিয়াৰ উত্তৰাঞ্চলৰ মনাই চাহ বাগিছাৰ ১১নং লাইনত নিজৰ পুত্ৰক দাৰে ঘপিয়াই হত্যা কৰিলে পিতৃয়ে ।

এগৰাকী দানৱৰূপী পিতৃৰ এনে কৰ্ম-কাণ্ডই এতিয়াই সকলোৰে চকু কপালত তুলিছে(Father Killed 25 Year Old Son in Chatia)।

এক লোমহৰ্ষক হত্যাকাণ্ড । চতিয়াত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। চতিয়াৰ উত্তৰাঞ্চলৰ মনাই চাহ বাগিছাৰ ১১নং লাইনত সংঘটিত হৈছে এই হত্যাকাণ্ড।

পুত্ৰক দাৰে ঘপিয়াই হত্য়া কৰিলে পিতৃয়ে । পাষাণ পিতৃয়ে চোকা দাৰে ঘপিয়াই হত্যা কৰিলে ২৫বছৰীয়া পুত্ৰ প্ৰবীন পাটৰক।পাষণ্ড পিতৃৰ নাম প্ৰফুল্ল পাট বুলি জানিব পৰা গৈছে ।

ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে ইটাখোলা আৰক্ষী আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

জানিব পৰা মতে, ঘৰুৱা কন্দলৰ বাবে সংঘটিত হৈছে এই হত্যাকাণ্ডটো ৷ ইতিমধ্যে হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগত অভিযুক্ত পিতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। হত্যাকাণ্ডক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক : Father Killed 4 Year Old Son : গোলাঘাটৰ বৰপথাৰত লোমহৰ্ষক হত্যাকাণ্ড; ৪ বছৰীয়া সন্তানক ভৰিৰে গচকি গচকি হত্যা পিতৃৰ