woman found in oc Nur jahangir Ahmed’s Residence : চুঙাজানৰ OC নুৰ জাহাংগীৰ আহমেদৰ লজ্জানত কাৰ্য
নিউজ ডেস্ক, ২৪ডিচেম্বৰ : পুনৰ আৰক্ষীৰ খাকী পোছাকত দাগ লগালে আৰক্ষীয়ে । আৰক্ষীৰ বিষয়াৰ অনৈতিক কাৰ্য !অসম আৰক্ষীক পুনৰ লজ্জানত কৰিলে চুঙাজানৰ OCয়ে । চুঙাজানৰ নুৰ জাহাংগীৰ আহমেদ নামৰ OCয়ে কৰিলে এক লজ্জানত কাৰ্য(woman found in oc Nur jahangir Ahmed’s Residence) ।
উল্লেখ্য যে, শনিবাৰে নিশা চুঙাজানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰ জাহাংগীৰ আহমেদৰ থানা চৌহদত থকা চৰকাৰী কোঠাৰ ভিতৰত স্থানীয় ৰাইজে উদ্ধাৰ কৰে এগৰাকী যুৱতীক । তাৰ পাচতে ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷
জানিব পৰা মতে, বিগত কেবাদিন ধৰি নুৰ জাহাংগীৰ আহমেদৰ কোঠালৈ প্ৰায়ে বহু যুৱতীক স্থানীয় ৰাইজে আহ-যাহ কৰা প্ৰত্যক্ষ কৰিছিল ৷ শনিবাৰেও এগৰাকী যুৱতীক স্থানীয় ৰাইজে আৰক্ষী বিষয়াগৰাকীৰ চৰকাৰী কোঠাত প্ৰত্যক্ষ কৰে ৷ তাৰ পাচতে ৰাইজে হাতে-লোটে ধৰা পেলাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰ জাহাংগীৰ আহমেদক কোঠাৰ ভিতৰতে তলা মাৰি আৱদ্ধ কৰে । অৱশ্যে পৰৱৰ্তী সময়ত ধনশিৰি মহকুমা আৰক্ষী বিষয়াৰ উপস্থিতিত হৈ আৰক্ষী বিষয়াগৰাকীৰ কোঠাৰ পৰা উদ্ধাৰ কৰে যুৱতীগৰাকীক (Assam cop’s shameful act)।
কিন্তু ঘটনা সন্দৰ্ভত আৰক্ষী ফালৰ পৰা কোনোধৰণৰ মন্তব্য প্ৰদান কৰা নাই ৷ আৰক্ষীৰ ফালৰ পৰা নুৰ জাহাংগীৰ আহমেদক কোঠাৰ ভিতৰতে আৱদ্ধ কৰি ৰাখিছে বুলি তথ্য লাভ কৰা হৈছে ৷
ইতিমধ্যে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰো দাখিল কৰিছে । এই ঘটনাৰ সঠিক তদন্ত কৰি অসমৰ আৰক্ষীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক নুৰ জাহাংগীৰ আহমেদক উচিত শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে সংগঠনৰ সদস্যসকলে ৷
বিবাহিত আৰক্ষী বিষয়া জাহাংগীৰৰ বিৰুদ্ধে পূৰ্বতেও ৰুজু হৈ আছে নাৰী সংক্ৰান্তীয় গোচৰ । যাৰ বাবে তেওঁ চাকৰিৰ পৰা নিলম্বিতও হৈছিল ৷
লগতে পঢ়ক : Israel kills more than 90 Palestinians : পুনৰ গাজাত ইজৰাইলৰ আক্ৰমণ; আক্ৰমণত নিহত ৯০ জনতকৈ অধিক পেলেষ্টাইনীৰ