Israel kills more than 90 Palestinians : পুনৰ গাজাত ইজৰাইলৰ আক্ৰমণ; আক্ৰমণত নিহত ৯০ জনতকৈ অধিক পেলেষ্টাইনীৰ
ইণ্টাৰনেশ্যনেল ডেস্ক, ২৪ডিচেম্বৰ : ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধ সাম কটাৰ যেন নামে লোৱা নাই(Israel-Hamas war) ।
বৰ্তমানেও অন্ত পৰা নাই ইজৰাইল-হামাছৰ মাজৰ যুদ্ধৰ বিভীষিকা ৷ অব্যাহত আছে দুয়োখন দেশৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ । ইজৰাইলৰ আক্ৰমণত হাজাৰ হাজাৰ সাধাৰণ জনতাই বিশেষকৈ পেলেষ্টাইনৰ নাগৰিকে অকালতে প্ৰাণ হেৰুৱাবলগা হৈছে(Israel strikes two homes, killing more than 90 Palestinians) ।
পুনৰ ইজৰাইল-হামাছৰ যুদ্ধই চিন্তিত কৰি তুলিছে বিশ্ববাসীক ৷ শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত যুদ্ধ বন্ধ কৰা, গাজাত উদ্ধাৰ অভিযান আৰু সাহায্যৰ সন্দৰ্ভত এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ৷ কিন্তু সেই প্ৰস্তাৱত ভোট দিয়াৰ পৰা বিৰত আছিল আমেৰিকা(Israel kills more than 90 Palestinians) ৷
শনিবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে শান্তিৰ প্ৰস্তাৱ গ্ৰহণ কৰা ২৪ ঘন্টা নৌ-হওঁতে ইজৰাইলে পুনৰ আকাশমাৰ্গৰে আক্ৰমণ চলালে গাজাত ৷ আক্ৰমণ ফলত ৯০ জনৰো অধিক পেলেষ্টাইনী লোক নিহত হৈছে বুলি বাতৰিত প্ৰকাশ পাইছে ৷ ইফালে, পুনৰ গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণ আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত গ্ৰহণ কৰা প্ৰস্তাৱৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কয়, ‘‘যুদ্ধবিৰতিৰ বাবে হোৱা প্ৰস্তাৱত আমি কেতিয়াও সহমত দিয়া নাছিলো(Israel strikes two homes, killing more than 90 Palestinians) ৷’’
আনহাতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত গ্ৰহণ কৰা প্ৰস্তাৱৰ সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কয় যে, যেতিয়ালৈকে আমাৰ লক্ষ্য প্ৰাপ্তি নহয় তেতিয়ালৈকে আক্ৰমণ চলি থাকিব ৷ শনিবাৰে ইজৰাইলী সামৰিক বাহিনীয়ে কৈছিল যে, যোৱা সপ্তাহত গাজাত শ শ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ তাৰে জেৰাৰ বাবে ২০০ জনৰো অধিক লোকক ইজৰাইললৈ স্থানান্তৰ কৰা হৈছে ৷ ইজৰাইলৰ সামৰিক বাহিনীয়ে আৰু কয় যে, হামাছা আৰু ইছলামিক জেহাদীৰ সৈতে সম্পৰ্ক থকা ৭০০ ৰো অধিক লোকক বৰ্তমানলৈকে ইজৰাইলে বন্দী কৰিছে ৷ ৭ অক্টোবৰত হামাছৰ সন্ত্ৰাসবাদীয়ে সীমান্ত পাৰ হৈ ইজৰাইলত আক্ৰমণ কৰাৰ পিছত ইজৰাইলে যুদ্ধ ঘোষণা কৰিছিল ৷ যাৰ ফলত প্ৰায় ১২০০ জন লোক নিহত হয় আৰু প্ৰায় ২৪০ জন বন্দী হৈ আছে(Israel kills more than 90 Palestinians) ৷
আমেৰিকাৰ ভূমিকাক লৈ বিশ্ববাসীৰ প্ৰশ্ন, হামাছ-ইজৰাইলৰ যুদ্ধ বন্ধ হোৱাটো নিবিচাৰে নেকি আমেৰিকাই ! তৃতীয় বিশ্বযুদ্ধ হোৱাটো বিচাৰে নেকি আমেৰিকাই ! কূটনৈতিক দোহাই দি কাৰ মুনাফাৰ বাবে আমেৰিকাই নিৰৱ ভূমিকা পালন কৰিছে !