Local, Vocal, Global

Seven Bunkers Destroyed Arms Recovered : মণিপুৰৰ বিভিন্ন প্ৰান্তত মণিপুৰ আৰক্ষীৰ অভিযান; অভিযানত জব্দ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

নিউজ ডেস্ক, ২৩ডিচেম্বৰ : মণিপুৰৰ বিভিন্ন প্ৰান্তত মণিপুৰ আৰক্ষীৰ অভিযান । শুকুৰবাৰে মণিপুৰ আৰক্ষীয়ে ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত অভিযান চলাই । অভিযানত কেবাটাও বাংকাৰ ধ্বংস কৰাৰ লগতে বুজন সংখ্যক বিস্ফোৰক সামগ্ৰী তথা বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে(Seven Bunkers Destroyed Arms Recovered) ।

জানিব পৰা মতে, মণিপুৰ আৰক্ষীয়ে শুকুৰবাৰে পশ্চিম ইম্ফল, পূব ইম্ফল, টেঙনৌপাল, থৌবাল, কাকচিং, চুৰাচান্দপুৰ, কাংপোকপি আৰু বিষ্ণুপুৰ জিলাৰ দুৰ্গম অঞ্চলত চলাইছিল এই অভিযান ৷

উল্লেখ্য যে, আৰক্ষীৰ এই অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে কাংপোকপি জিলাত অৱস্থিত দুটা বিশেষ ঘাটি আৰু এটা বাংকাৰ ধ্বংস কৰে ৷ আৰক্ষীৰ দলটোৱে লগতে কাকচিং জিলাৰ পৰা দুটা হস্তনিৰ্মিত গ্ৰেনেড, দুটা স্থানীয় নিৰ্মিত পাইপ গান উদ্ধাৰ কৰে ৷ একে সময়তে চুৰাচান্দপুৰ জিলাৰ পৰা আৰক্ষীৰ দলে এটা দেশত নিৰ্মিত ৯ মিমি কাৰ্বাইন, ৯ মিমি পিষ্টল, ৰাইফল, কেইবাজাঁই সজীৱ গুলী, কেইবাটাও কন্দুৱা গেছৰ লগতে এটা ৰেডিঅ’ চেট, এটা লং ৰেঞ্জ কান্ট্ৰী মেড মৰ্টাৰসহ মৰ্টাৰ বোমা, ২০০ টকীয়া নকল টকা, এযোৰ জংঘলত পিন্ধা জোতাসহ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে(Seven Bunkers Destroyed Arms Recovered in Manipur) ।

আনহাতে ইম্ফল পূৱ জিলাৰ পৰা এটা এছ এল আৰ ৰাইফল, এটা ৯ মিমি পিষ্টল, চাৰিটা ডিটনেটৰ নথকা হেণ্ড গ্ৰেনেড, পাঁচটা ৭.৬২ মিমি এছ এল আৰ গোলাবাৰুদ, তিনিটা ৯ মিমি গোলাবাৰুদ উদ্ধাৰ কৰা বুলি আৰক্ষীৰ দলটোৱে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Woman Among 5 Arrested For smuggling Heroin : শিলচৰত ড্ৰাগছসহ আটক মহিলা সৰবৰাহকাৰী